নিৰ্বাচন কেন্দ্ৰীক বৈঠক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, মূল আলোচ্য বিষয় কৃষক প্ৰতিবাদৰ নিষ্পত্তি

RSS flag

পাঁচ ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্রস্তুতি আৰু সেই সূত্রে কৃষক প্ৰতিবাদ সমাধানৰ সম্ভাব্য পথক লৈ বিস্তাৰ আলোচনা হয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দুদিনৰ বৈঠকত । নাগপুৰৰ সংঘ আৰু তেওঁলোকৰ শাখা সংগঠনবোৰৰ এই আলোচনাত আফগানিস্তান পৰিস্থিতিও উত্থাপন কৰা হয় ।

সংঘ সূত্রৰ খবৰ, কালি আৰু আজি এই সমন্বয় বৈঠকত পাঁচখন ৰাজ্যৰ আসন্ন নিৰ্বাচনক লৈ মূলত আলোচনা হয় । এই পাঁচ ৰাজ্যৰ ভিতৰত গোৱা, মণিপুৰ, উত্তৰপ্রদেশ আৰু উত্তৰাখণ্ডত ক্ষমতাত আছে বিজেপি । এই ৰাজ্যকেইখনত ক্ষমতা বাহাল ৰখাৰ কৌশলক লৈ বৈঠকত আলোচনা হোৱাৰ লগতে, পঞ্জাৱত কেনেদৰে ক্ষমতা দখল কৰিব পাৰি, তাক লৈও চর্চা হয় ।

কৃষকসকলৰ আন্দোলনৰ বিষয়টোও উত্থাপন হয় । যোৱা নৱেম্বৰৰ পৰা কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লীৰ সীমান্তত আছে কৃষকসকল । কোন পথেৰে আগবাঢ়িলে শান্তিপূর্ণভাৱে এই বিক্ষোভৰ নিষ্পত্তি সম্ভৱ, তাক লৈও বিতং আলোচনা হয় বৈঠকত । সূত্র অনুসৰি, অধিকাংশ সংঘ নেতাৰ মতে, কৃষকসকলৰ আন্দোলন দ্রুত প্রত্যাহাৰ নহ’লে পঞ্জাৱত ভাল ফলৰ আশা নাই আৰু কৃষিবহুল পশ্চিম উত্তৰপ্রদেশতো ভাল ফলাফল নকৰিব বিজেপিয়ে । সেয়ে কৃষকসকলৰ স’তে চৰকাৰেও অধিক
আলোচনাত মিলিত হোৱা উচিত বুলি মত অধিকাংশ সংঘ নেতাৰ । ইয়াকে লৈ বিজেপিৰ ওপৰত চাপ বঢ়োৱাৰ কথা ভবা হৈছে । বৈঠকত বিশ্ব হিন্দু পৰিষদৰ নেতাসকলো উপস্থিত আছিল ন।

তালিবানে আফগানিস্তান দখল কৰাৰ ফলত কাশ্মীৰৰ বৰ্তমানৰ শান্ত পৰিস্থিতি নষ্ট হ’ব পাৰে বুলিও আশংকা প্রকাশ কৰা হৈছে বৈঠকত । সংঘ নেতাসকল একমত যে, কাশ্মীৰৰ স্বার্থত বিষয়টোক লৈ কেন্দ্র‌ই অধিক তৎপৰ হোৱা প্ৰয়োজন । দেশৰ মুছলমান সমাজে যাতে তালিবানৰ বিৰুদ্ধে মাত মাতে, তাৰ বাবেও উদ্যোগী হৈছে সংঘ । সূত্রৰ মতে, তালিবানৰ উত্থানত ভাৰতৰ বিপদৰ সম্ভাৱনাৰ বিষয়টোক লৈ অহা সোমবাৰে দেশৰ মুছলিম সমাজৰ কিছু বিশিষ্টজনৰ স’তে মুম্বইত বৈঠকত মিলিত হ’ব সংঘ প্রধান মোহন ভাগৱত ।

Exit mobile version