মুম্বাইৰ এখন ব্যয়বহুল হোটেলত বিবাহপাশত আৱদ্ধ হোৱা কথা আছিল ‘ছিদনাজ’ৰ

Sidharth Shukla Shehnaaz gill Sidnaaz RIP Sidharth Shkla

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল শ্বেহনাজ গিল আৰু প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ। মুম্বাইৰ এখন ব্যয়বহুল হোটেলৰ স’তে ইতিমধ্যে আলোচনা আৰম্ভ হৈছিল।কিন্তু সিদ্ধাৰ্থৰ মৃত্যুয়ে যেন সকলো সলনি কৰি দিলে। একে লগে সংসাৰ কৰা সপোন যেন আধৰুৱা হৈ ৰ’ল ‘ছিদনাজ ‘ৰ

দুয়োজন শিল্পীয়ে তেওঁলোকৰ বিবাহৰ প্ৰস্তুতিৰ খবৰ গোপনে ৰাখিছিল। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, সিদ্ধাৰ্থ আৰু শ্বেহনাজৰ পৰিয়ালে মুম্বাইৰ এখন ব্যয়বহুল হোটেলৰ স’তে কথা পাতিবলৈ আৰম্ভ কৰিছিল।

হোটেলখনৰ কিছুমান কোঠা, খাদ্য আৰু অন্যান্য সেৱাৰ বাবে প্ৰাৰম্ভিক আলোচনা হৈছিল। মুঠ তিনি দিনৰ অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছিল।

সংগীত পৰিচালক অনু মালিকৰ ভাতৃ আবু মালিক বিগ বছ ১৩-ত ‘ছিদনাজ’ৰ সহ-প্ৰতিযোগী আছিল। আবুৱে কৈছিল যে শ্বেহনাজে সিদ্ধাৰ্থক তেওঁক বিয়া কৰিবলৈ প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰিছিল।

আবুয়ে কয়, “মোৰ যিমান দূৰ মনত আছে, শ্বেহনাজে যোৱা বছৰৰ ২২ মাৰ্চত মোক এই কথাবোৰ কৈছিল। সম্ভৱতঃ প্ৰথম তলাবন্ধৰ এদিন আগতে। “

শ্বেহনাজে সিদ্ধাৰ্থৰ মৃত্যুৰ খবৰ এতিয়াও সহজে লব পৰা নাই । অসুস্থ হৈ পৰিছে অভিনেত্ৰীগৰাকী । শ্বেহনাজৰ এগৰাকী বান্ধৱীয়ে কয় যে শ্বেহনাজে তেওঁৰ ফোনটো বন্ধ কৰি ৰাখিছে। যোগাযোগ কৰিব পৰা নাই। প্ৰয়াত অভিনেতাজনৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁৰ অৱস্থা দেখি নেটিজেনসকলৰ চকুত চকুপানীৰে ভৰি পৰিছিল। বহুতে তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে।

Exit mobile version