শিশুৰ ডায়েবেটিছ-মেদবহুলতা প্ৰতিৰােধ কৰিবলৈ কি কৰিব

kids eating kitchen food 1296x728 header

শিশুটিৰ ডায়েবেটিছ আৰু মেদবহুলতা প্ৰতিৰােধ কৰা বিষয়টো পিতৃ-মাতৃৰ হাতত থাকে। কাৰণ ঘৰখনত প্রস্তুত কৰা খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি ঘৰুৱা পৰিৱেশলৈকে সকলােতে স্বাস্থ্য ৰক্ষা বিষয়টো জড়িত হৈ থাকে। সৰুৰে পৰাই যদি এনেধৰণৰ অভ্যাস গঢ়ি তুলিব পাৰি তেতিয়াহ’লে শিশুটোৰ সুন্দৰ স্বাস্থ্য হােৱাৰ লগতে ভৱিষ্যৎ বহুতাে ৰােগ- প্রতিৰােধৰ বাবে শক্তি লাভ কৰিব।

★কম বয়সৰ পৰা শিশুটিক সকলাে খাদ্যৰ সােৱাদ ল’বলৈ শিকাওক। কম পৰিমাণে ঘৰত প্ৰস্তুত কৰা প্রতিবিধ খাদ্যকে খাবলৈ দিয়া উচিত। ডাঙৰ হ’লে খাব বুলি ভাবিব নালাগে। কাৰণ সৰুৰে পৰা সােৱাদ কি নাজানিলে ডাঙৰ হােৱাৰ লগে লগে কিছুমান খাদ্যৰ প্রতি অনীহা জন্মাটো স্বাভাৱিক কথা। সৰুতে সন্তানক অমূকটো খাব দিব নালাগে বুলি পিতৃ- মাতৃ, অভিভাৱকৰ মনােভাব গঢ়ি উঠাৰ ফলত পৰৱর্তী সময়ত সমস্যাই গা কৰি উঠে।

★পিতৃ-মাতৃয়ে যদি ভালদৰে খাদ্য গ্রহণৰ আৰ্হি নেদেখুৱালে সন্তানেও সেয়া অনুসৰণ কৰিব। গতিকে একেলগে যেতিয়া খাদ্য গ্রহণ কৰিব তেতিয়া সকলােৰে ভাতৰ থালত একে খাদ্য দিলে আপােনা আপুনি খােৱাৰ অভ্যাস গঢ়ি উঠিব।

★শিশুটিৰ বাবে কেতিয়াও বেলেগকৈ খাদ্য প্রস্তুত নকৰিব। কাৰণ এনে ধৰণৰ খাদ্য প্রস্তুতৰ ফলত শিশুটিৰ মানসিকতাও বেলেগ হ’ব।

Exit mobile version