কাবুল দখলৰ পাছৰে পৰা আফগানিস্তানৰ যৌনকর্মীসকলৰ তালিকা প্রস্তুত কৰিছে তালিবানে। এই দাবী কৰিলে আমেৰিকাৰ ‘দ্য ছান’ নামৰ সংবাদ মাধ্যমে।
‘দ্য ছান’ৰ প্ৰতিবেদনত কোৱা হৈছে যে তালিকাত নাম থকা যৌনকর্মীসকলক বিচাৰি উলিয়াই তেওঁলােকক হত্যা কৰা হ’ব পাৰে বুলিয়ে প্রাথমিকভাৱে ধাৰণা কৰা হৈছে।
প্রতিবেদনত দাবী কৰা হৈছে যে তালিবানে কাবুল দখল কৰাৰ পাছতে আফগানিস্থানৰ বহু যৌনকর্মীয়ে নিজৰ দেশ এৰি পলায়ন কৰিছে। ইয়াৰ বিপৰীতে আন বহুতে বিমানত উঠিব নােৱাৰি আফগানিস্তানৰ বিভিন্ন প্রদেশত আত্মগােপন কৰি আছে।
প’র্ণ ছাইট তন্নতন্নকৈ চাই যৌনকর্মীসকলৰ তালিকা প্রস্তুত কৰা হৈছে। তাৰ পাছত সেই তালিকা মিলাই মহিলাসকলক বিচাৰি উলিওৱা হ’ব। সেই মহিলাৰ ভিতৰত যিসকলে বিদেশী লােকৰ স’তে যৌনকর্মত লিপ্ত হৈছিল, তেওঁলােকক হত্যা কৰা হ’ব পাৰে।
বাকীসকলক তালিবানে যৌনদাসী কৰি ৰাখিব পাৰে বুলিও প্রতিবেদনত সম্ভাৱনা প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূর্বে ১৯৯৬ৰ পৰা ২০০১ পর্যন্ত তালিবানি শাসনত এই ধৰণৰ অনেক ঘটনা সংঘটিত হৈছিল।
সেই সময়ত যৌনপেছাত যুক্ত বহু মহিলাক প্রকাশ্যে হত্যা কৰা হৈছিল। ইয়াৰ উপৰি বিগত ২০টা বছৰতাে বিবাহ-বহির্ভূত সম্পর্ক থকা অনেক মহিলাক তালিবানে হত্যা কৰিছে। সেই বাবেই তালিবানৰ শাসনত মহিলাসকল পুনৰ একে অৱস্থাৰ সন্মুখীন হ’ব পাৰে বুলিয়ে আশংকা কৰা হৈছে। অৱশ্যে তালিবানৰ পক্ষৰ পৰা এই পর্যন্ত মহিলাৰ বিৰুদ্ধে কোনাে ধৰণৰ ফতােৱা জাৰি কৰা নাই।