ভাৰতত বহু প্রাচীন কুণ্ড বা জলাধাৰ আছে, যাৰ বহুতৰে ৰহস্য আজিও উন্মােচিত হােৱা নাই। তেনে এক ৰহস্যময় কুণ্ড হৈছে ঝাৰখণ্ডৰ দলাহি কুণ্ড, যি আজিও ঘন ৰহস্যৰ আৱর্তত।
আনকি বহু বিজ্ঞানীয়েও এই ৰহস্যৰ সূত্ৰ বিচাৰি উলিয়াব পৰা নাই। দাবী কৰা হয় যে এই কুণ্ডৰ সন্মুখত হাততালি দিলেই কুণ্ডৰ পানীত এক খলকনিৰ সৃষ্টি হয়। নাচি উঠে নির্মল জলৰাশিয়ে।
ইয়াৰ কাৰণ আজি পর্যন্ত বিজ্ঞানীয়ে বিচাৰি উলিয়াব পৰা নাই। ঝাৰখণ্ডৰ বােকাৰােত অৱস্থিত এই ৰহস্যময় কুণ্ডৰ এই বিশেষত্বৰ কাৰণেই দূৰ-দূৰণিৰ পৰা পৰ্যটকৰ ভিৰ হয় দলাহিত।
বিজ্ঞানীসকলে ইতিমধ্যে দলাহি কুণ্ডৰ এই বিশেষত্বৰ সন্দৰ্ভত অনেক পৰীক্ষা-নিৰীক্ষা কৰিছে। বিজ্ঞানীৰ ধাৰণা, এই কুণ্ডৰ পানী জামুই নলাৰে বৈ গৈ পােনেই গংগাত বিলীন হৈছেগৈ।
সৰু নলাৰ মাজেৰে পানী বহু গভীৰলৈ গুচি যায়। বিজ্ঞানীসকলে ধাৰণা কৰিছে যে হাততালিৰ ফলত যি শব্দতৰংগৰ সৃষ্টি হয়, তাৰ প্ৰভাৱতে পানীয়ে নাচি উঠে। অৱশ্যে ইয়েই যে একমাত্র কাৰণ, তাৰ কোনাে নির্দিষ্ট প্রমাণ এতিয়াও কোনেও দিব পৰা নাই।
ফলত আজি দলাহি কুণ্ড ৰহস্যৰ মাজতে আছে। স্থানীয় লােকে লগতে দাবী কৰে যে গ্রীষ্মকালত এই কুণ্ডৰ পানী ঠাণ্ডা হৈ থাকে। আকৌ শীতকালত ইয়াৰ পানী গৰম হৈ পৰে। এই কুণ্ডৰ পানীৰ ঔষধি গুণ আছে বুলিও স্থানীয় লােকে বিশ্বাস কৰে।
এই কুণ্ডৰ পানীৰে স্নান কৰিলে হেনাে চর্মৰােগ দূৰ হয়।দলাহি কুণ্ডক কেন্দ্ৰ কৰি স্থানীয় লােকৰ মাজত বিশ্বাস আৰু আস্থা আছে। যি বিশ্বাস-আস্থাৰ কথা দূৰ-দূৰণিলৈ বিয়পি পৰিছে।
ফলত প্রতি বছৰৰ মকৰ সংক্রান্তিৰ দিনা এই কুণ্ডক কেন্দ্ৰ কৰি মেলা বহে। অৱশ্যে ইয়াৰ পানীৰ ঔষধি আছে নে নাই, তাৰাে কোনাে প্রমাণ এই পর্যন্ত ওলােৱা নাই।