থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব ?

woman with throat sore is holding her aching throat royalty free image 918046472 1542219741

সমগ্র বিশ্বৰ কমেও ১২ শতাংশ লােক ভােগে থায়ৰয়ডজনিত সমস্যাত। এনে ৰােগত আক্রান্ত লােকৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। বহুতাে লােকে প্রথমতে বিশেষ গুৰুত্ব প্রদান নকৰাৰ ফলত থায়ৰয়ডৰ সমস্যাই গা কৰি উঠে।

কেৱল সেয়াই নহয়, ই জটিল পর্যায়লৈ গতি নকৰালৈকে বহুতাে লােকে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব নােখােজে। সাধাৰণতে মহিলাসকলে এনে সমস্যাত বেছিকৈ আক্রান্ত হােৱা দেখা যায়। অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে পুৰুষসকলে এনে সমস্যাৰ সন্মুখীন নহয়।

পুৰুষ-মহিলা সকলােৱে আক্রান্ত হয় যদিও বাস্তৱ ক্ষেত্ৰত তুলনামূলকভাৱে মহিলাসকল বেছিকৈ স্বীকাৰ হােৱা দেখা যায়। সাধাৰণতে বিপাক আৰু শৰীৰৰ বিভিন্ন অংশ গঠন প্রক্রিয়াত এইবিধ হৰমনে সহায় কৰে। যেতিয়া এইবিধ হৰমনৰ কম-বেছি হয় তেতিয়াই বিভিন্ন ধৰণৰ লক্ষণ ফুটি উঠে।

সেইবাবে এনে বিশেষ লক্ষ্যণে ফুটি উঠাৰ লগে লগে চিকিৎসকৰ পৰামর্শ গ্রহণৰ বাবে যােৱা উচিত।

★থায়ৰয়ডৰ সমস্যাত আক্রান্ত হলে ৰােগীয়ে ক্লান্তি বােধ কৰে।

★যদিহে কোনাে কাৰণ নােহােৱাকৈ ঠাণ্ডা লাগে তেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে। কাৰণ ই থায়ৰয়ডৰ
লক্ষণ হ’ব পাৰে।

★কোনাে কাৰণ নােহােৱাকৈ যদি হঠাতে ওজন হ্রাস পায় তেতিয়াহ’লে ই থায়ৰডৰ সংকেট হ’ব পাৰে।

★টোপনিত ব্যাঘাত জন্মাটো এনেৰােগৰ লক্ষণ। কিছুমান লােকে এনেধৰণৰ সমস্যাৰ সম্মুখীন হলেও প্রথম অৱস্থাত গুৰুত্ব প্রদান নকৰাৰ ফলত থায়ৰডৰ সমস্যাই গা কৰি উঠে।

★পেশীৰ দুর্বলতা হ’ব পাৰে থায়ৰডৰ সমস্যাৰ আন এক লক্ষণ। কেতিয়াবা হঠাতে পেশী দুর্বল অনুভৱ কৰিবলৈ ধৰে। এনে দুর্বলতা অনুভৱ হােৱাৰ লগে লগে পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্রান্ত হৈছে নে নাই।

★কেতিয়াবা যদি শৰীৰৰ ওজন হঠাতে বৃদ্ধি পায় তেতিয়াও চিন্তাৰ কাৰণ হ’ব পাৰে। কিয়নাে ই হ’ল থায়ৰয়ডৰ সমস্যাৰ এক লক্ষণ। যেতিয়া থায়ৰয়ডৰ পৰিমাণ হ্রাস পায় তেতিয়া শৰীৰে লাভ কৰা কেলৰি বা শক্তি ব্যয় হােৱাত ব্যাঘাত জন্মে। চুলি সৰাটো প্ৰায়ভাগ লােকেই সাধাৰণ ঘটনা বুলি ভাবে। যদিহে হঠাতে চুলি সৰিবলৈ আৰম্ভ কৰে তেতিয়া হলে।

★ছালখন শুষ্ক হৈছে যদি সেয়া কি কাৰণত হৈছে জানি লােৱা ভাল। কাৰণ থায়ৰয়ডৰ লক্ষণাে হ’ব পাৰে। তদুপৰি খজুৱতি হ’ব পাৰে। এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্ৰান্ত হৈছে নে নাই।

★থায়ৰয়ডৰ ক্ষেত্ৰত ডিপ্রেচন বা হতাশা হ’ব পাৰে এক লক্ষণ। হতাশাৰ বিভিন্ন কাৰণ থাকিব পাৰে। পিছে হঠাতে যদি হতাশা আদিয়ে গা কৰি উঠে তেতিয়া হ’ব পাৰে থায়ৰয়ডজনিত ৰােগৰ লক্ষণ। স্মৃতি শক্তিৰ ক্ষেত্ৰতাে থায়ৰয়ড জড়িত। সেই বাবে যদি কেতিয়াবা পাহৰণিয়ে গা কৰি উঠে তেতিয়া থায়ৰয়ড পৰীক্ষা কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

★এনে সমস্যাৰ পৰা হাত সাৰিবলৈ ধূপায়ীসকলে ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। কিয়নাে ইয়াত থকা বিষাক্ত ৰাসায়নিক পদার্থই থায়ৰয়ড গ্রন্থিৰ ওপৰত প্ৰভাৱ পেলায়।

★ হায়পাৰ থায়ৰয়ডৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ধূমপানৰ পৰা আঁতৰি থাকিবই লাগিব।

★যদিহে কেতিয়াবা শৰীৰৰ পৰীক্ষাৰ বাবে এক্স-ৰে কৰিবলগীয়া হয় তেতিয়াহ’লে থায়ৰয়ড কলাৰৰ দ্বাৰা থায়ৰয়ড গ্রন্থিক সুৰক্ষা দিবলৈ চিকিৎসকক ক’ব লাগিব।

★খাদ্য তালিকাত ছেলেনিয়ামযুক্ত আহাৰ অন্তর্ভুক্ত কৰা উচিত। থায়ৰয়ড গ্রন্থি সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত এইবিধ উপাদানৰ খুবেই প্রয়ােজন।

★যদিহে থায়ৰয়ডৰ সমস্যাত ভুগিছে তেতিয়াহ’লে নিয়মীয়াকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।

★সংসাধিত খাদ্য (প্রছেচেড ফুড)ৰ পৰা যিমান সম্ভৱ আতৰি থকাটো মংগলজনক। কাৰণ এইবােৰত থকা বিভিন্ন ধৰণৰ ৰাসায়নিকে থায়ৰয়ড হৰমন নিঃসৰণত ব্যাঘাত জন্মায়।

★শৰীৰত যাতে আয়’ডিনৰ অভাৱ নঘটে তাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত। বিশেষকৈ হাইপােথায়ৰডৰ সমস্যা প্ৰতিৰােধ কৰিবলৈ আয়’ডিনযুক্ত আহাৰ গ্রহণ কৰিবই লাগিব।

★জিংকযুক্ত খাদ্য খালেও থায়ৰয়ড হৰমন কার্যক্ষম বা সক্রিয় হয়। শেহতীয়াভাৱে গৱেষকসকলে এই বুলি মন্তব্য কৰিছে যে থায়ৰয়ড গ্রন্থি সুস্থ আৰু কার্যক্ষম কৰি ৰাখিবলৈ জিংক আৰু ছেলনিয়ামৰ খুবেই প্রয়ােজন।

Exit mobile version