দিনটোৰ ৰাশিফল

astrology generic

মেষঃ প্ৰিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব । দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব । শৰীৰৰ প্ৰতি নজৰ ৰাখক । পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ । শুভ ৰং বেঙুনীয়া ।

বৃষঃ আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব । কৰ্মৰ ওপৰত বিশ্বাস থাকিব । কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে । সন্তানৰ ভালেই । সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যোগ । শুভ ৰং নীলা ।

মিথুনঃ সাধাৰণ খংৰাগ । কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব । প্ৰেম প্ৰীতিত মধ্যম আবেগ বৃদ্ধি । দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব । শুভ ৰং আকাশী নীলা ।

কৰ্কটঃ শৰীৰৰ প্ৰতি যত্ন লোৱাটো দংকাৰ বিদ্যাৰ্থীৰ মধ্যম । ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্ৰকট নহ’ব। বন্ধু-বান্ধৱৰ পৰা উৎসাহ । কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল । শুভ ৰং বগা ।

সিংহঃ বিদ্যালাভত বাধা কম । ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক । ভ্ৰমাণাদিত কষ্ট হ’লেও শুভ । পিতৃৰ কথাত নিৰুৎসাহ । শৰীৰ বৰ ভাল যোৱা টান । নতুন সংবাদত আনন্দ । শুভ ৰং ক্ৰীম ।

কন্যাঃ শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই । আনৰ কথাত অসন্তুষ্টি প্ৰকাশ । আত্মীয়ৰ সংগ লাভ । বিদ্যাত বেয়া নহ’ব । শুভ ৰং ক’লা ।

তুলাঃ সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব । বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব । আৰ্থিকত চিন্তিত। খৰচৰ মাত্ৰা বৃদ্ধি । ব্যস্ততা । শুভ ৰং কমলা ।

বৃশ্চিকঃ কেতু, মংগল, শুক্ৰ, ৰবি তাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই । কিন্তু সামগ্ৰিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব । শৰীৰ মধ্যম । বিদ্যাত মধ্যম । শুভ ৰং নীলা ।

ধনুঃ স্বাৰ্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব । দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব । দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ । অৰ্থ লাভ । শুভ ৰং হালধীয়া ।

মকৰঃ মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক । খৰচ পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কৰ্মত সময় অপব্যয় হ’ব । বিদ্যাত জটিলতা নাপায় । কৰ্মাদিও অযথা মন্থৰতা । শুভ ৰং ৰঙা ।

কুম্ভঃ ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰো দেখা যায় । ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায় । শুভ ৰং সেউজীয়া।

মীনঃ শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ নাই । খং-ৰাগ বৃদ্ধি পাব পাৰে । অৱশ্যে প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব । শুভ ৰং বেঙুনীয়া ।

Exit mobile version