ভাৰতে লাভ কৰিব প্ৰথম পৰমাণু ক্ষেপণাস্ত্ৰ চিহ্নিতকাৰী জাহাজ

1615912435 indian navy

কৃত্ৰিম উপগ্ৰহ, পৰমাণু, ক্ষেপণাস্ত্ৰৰ ওপৰত ৰাখিব পাৰিব দৃষ্টি । চিহ্নিত কৰিব পাৰিব শত্ৰুপক্ষৰ ছাবমেৰিন । এনেবোৰ ক্ষমতাসম্পন্ন সামৰিক জাহাজ ‘ধ্ৰুৱ’ক অতি শীঘ্ৰে বিশাখাপট্টনমৰ পৰা আনুষ্ঠানিকভাৱে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হ’ব ।

উল্লেখ্য যে দেশৰ প্ৰথমখন পৰমাণু ক্ষেপণাস্ত্ৰ চিহ্নিতকাৰী জাহাজ ‘ধ্ৰুৱ’ৰ নিৰ্মাণ কৰিছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’) আৰু নেচনেল টেকনিকেল ৰাচাৰ্ছ অৰ্গেনাইজেচন (এন টি আৰ অ’)ৰ সহযোগত হিন্দুস্তান শ্বিপয়াৰ্ডে ।

প্ৰকাশিত বাতৰি অনুসৰি, অহা ১০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ভাৰতীয় নৌসেনাই এইখন অত্যাধুনিক প্ৰযুক্তিৰ বৃহৎ জাহাজ লাভ কৰিব । ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত ভাৰতীয় নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ’ব ‘ধ্ৰুৱ’ক ।

বৰ্তমানে বিশ্বত এনে ধৰণৰ জাহাজ কেৱল ফ্ৰান্স, আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া আৰু চীনৰ হাতত আছে । এই জাহাজ লাভৰ পাছত ভাৰতীয় নৌসেনাৰ শক্তি যথেষ্ট বৃদ্ধি পাব ।

Exit mobile version