শীতপ্ৰবাহ, তুষাৰপাত, তুষাৰ ধুমুহাৰে সলনি হ’ব এইবাৰৰ শীত !

KC3O43D2V5HUFFYRH3GGZC23FQ

আগন্তুক শীতকাল পৰিণত হ’ব পাৰে এক অভূতপূৰ্ব জলবায়ুৰ পৰিৱৰ্তনত । এইবাৰৰ শীতত বৃদ্ধি পাব পাৰে শীতপ্ৰবাহৰ ঘটনা । পূৰ্বতকৈ অধিক দিন ধৰি অব্যাহত থাকিব পাৰে ধাৰাবাহিক শীতপ্ৰবাহ । তদুপৰি একে সময়তে আগন্তুক শীতত হ’ব পাৰে অভিলেখসংখ্যক তুষাৰপাত আৰু তুষাৰ ধুমুহা । ভাৰতসহ সমগ্ৰ উত্তৰ গোলাৰ্ধত আগমন ঘটিব পাৰে অতিমাত্ৰা শীতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিত দ্ৰুত জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্বৰ গড় তাপমাত্ৰা আৰু তাপপ্ৰবাহৰ ঘটনা যিদৰে গ্ৰীষ্মকালত বৃদ্ধি পাইছে, ইয়াৰ স’তে সামঞ্জস্য ৰাখি এইবাৰৰ শীত অধিক শীতল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি জানিবলৈ দিলে বতৰ বিজ্ঞানীয়ে ।

আগন্তুক শীতত প্ৰচণ্ড শীতপ্ৰবাহ অব্যাহত থকাৰ লগতে ইয়াৰ স্থায়িত্ব‌ও যথেষ্ট বৃদ্ধি পাব পাৰে । এই অশনি সংকেত দিলে আমেৰিকান এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ ছায়েন্সে । আন্তৰ্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ছায়েন্সত প্ৰকাশিত এক গৱেষণামূলক লেখনিত গৱেষকে জনোৱা অনুসৰি, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত যিদৰে পূৰ্বৰ তুলনাত বৰ্তমানে গ্ৰীষ্মকালত ভয়ংকৰ তাপপ্ৰবাহৰ মাত্ৰা আৰু ঘটনা বৃদ্ধি পাইছে, একে সময়তে ধ্বংসাত্মক ঘূৰ্ণী ধুমুহাৰ প্ৰকোপো পূৰ্বতকৈ বাঢ়িছে । এই প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখিলে চলিত বৰ্ষৰ শীতৰ পৰা এছিয়া, উত্তৰ আমেৰিকা আৰু কানাডাত শীত আৰু শীতপ্ৰবাহৰ মাত্ৰাৰ লগতে স্থায়িত্ব যথেষ্ট বৃদ্ধিৰ শংকা আছে ।

কিয় উত্তৰ গোলাৰ্ধত শীতৰ প্ৰকোপ বৃদ্ধি পাব ?

শীত সমাগত । কিন্তু আগন্তুক শীতত কিয় উত্তৰ গোলাৰ্ধত শীতপ্ৰবাহৰ মাত্ৰা আৰু ঘটনাৰ সংখ্যা বৃদ্ধি পাব । কি কাৰণত গৱেষকসকলে এনে শংকা প্ৰকাশ কৰিলে আমেৰিকাধ এছ’চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ ছায়েন্সৰ গৱেষকে ইয়াৰ ব্যাখ্যাও গৱেষণাপত্ৰত উল্লেখ কৰিছে । গৱেষকসকলৰ মতে, উত্তৰ গোলাৰ্ধত এইবাৰৰ শীতকাল অধিক শীতল হোৱাৰ সম্ভাৱনাৰ মূল কাৰণ হৈছে উত্তৰ মেৰুৰ জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন । উত্তৰ গোলাৰ্ধত সম্প্ৰতি উষ্ণতা যথেষ্ট বৃদ্ধি পাইছে লগতে উত্তৰ মেৰুৰ ওপৰৰ বায়ুমণ্ডলৰ গতি প্ৰকৃতিও দ্ৰুতভাৱে সলনি হ’বলৈ ধৰিছে ।

উত্তৰ মেৰুৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰ ষ্ট্ৰেট’স্ফিয়াৰত কিছু অঞ্চলত এনে এক বিশেষ ধৰণৰ বায়ু চলাচল কৰে যাক বতৰ বিজ্ঞানৰ পৰিভাষাত ‘আৰ্কটিক ষ্ট্ৰেট’স্ফেৰিক প’লাৰ ভৰ্টেক্স’ বুলি কোৱা হয় । গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি, এই ‘প’লাৰ ভৰ্টেক্স’ৰ অঞ্চলৰ অতি দ্ৰুত প্ৰসাৰণ হৈছে আৰু ই অব্যাহত আছে । উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু পৰিৱৰ্তনৰ পৰিণতিতে এনে অৱস্থাৰ উদ্ভৱ হোৱা বুলি গৱেষকসকলে দাবী কৰিছে । ইয়াৰ ফলতে আমেৰিকা আৰু কানাডাৰ লগতে সমগ্ৰ এছিয়াও এইবাৰৰ শীতত অধিক শীতল হোৱাৰ লগতে শীতপ্ৰবাহৰ ঘটনাৰ মাত্ৰা আৰু স্থায়িত্ব‌ও কে’বাগুণ বৃদ্ধিৰ শংকা আছে ।

তদুপৰি একেটা কাৰণতে আমেৰিকা, কানাডা আৰু এছিয়াত আগন্তুক শীতত প্ৰচণ্ড তুষাৰপাতৰ লগতে তুষাৰ ধুমুহা হোৱাৰ সম্ভাৱনাও আছে বুলি মাৰ্কিন গৱেষকে অধ্যয়নত দাবী কৰিছে । একে সময়তে তাপপ্ৰবাহ আৰু শীতপ্ৰবাহৰ ঘটনা কেনেকৈ উষ্ণতা বৃদ্ধিৰ ফলত সংঘটিত হ’ব পাৰে বুলি উত্থাপিত প্ৰশ্নৰ উত্তৰ দি মেছাছুছেটছ ইনষ্টিটিউট অৱ টেকন’লজী (এম আই টি)ৰ গৱেষক-অধ্যাপক জুডা ক’হেনে এটি সাম্প্ৰতিক ঘটনাৰ কথা উল্লেখ কৰিছে ।

আমেৰিকাৰ টেক্সাছ হৈছে তুলনামূলকভাৱে কিছু উষ্ণ অঞ্চল, এই টেক্সাছতে যোৱা ফেব্ৰুৱাৰীত ভয়াৱহ তুষাৰ ধুমুহাৰ ঘটনা সংঘটিত হৈছিল । টেক্সাছত হঠাতে হোৱা তুষাৰ ধুমুহাৰ এই ঘটনা কে’বাদিনলৈ অব্যাহত আছিল । টেক্সাছৰ এনে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন গৱেষকে কয় যে বিশ্বৰ আন উষ্ণ অঞ্চলসমূহতো শীতকালত তুষাৰপাত, তুষাৰ ধুমুহাৰ ঘটনা বৃদ্ধি পোৱাটো অস্বাভাৱিক নহয় ।

Exit mobile version