গ্ৰাহকক সঁকীয়নী এছ বি আইৰ,ম’বাইলত এই চাৰি এপ্ থাকিলে কৰক ডিলিত

1620789578 state bank of india

যদিহে আপুনি ম’বাইল ফোনত এনিডেক্স, ক্লিক ছাপ’র্ট, টিম ভিউৱাৰ আৰু মিংগলভয়ু এপ্ ব্যৱহাৰ কৰে তেন্তে এতিয়াৰে পৰা সাৱধান হওক। দেশৰ সর্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংক (এই বি আই)-এ নিজৰ গ্ৰাহকসকলক সতর্ক কৰি দি কয় যে এই চাৰিটা এপ্ ম’বাইল ফোনত থাকিলে তুৰন্তে ডিলিট কৰা জৰুৰী।

অন্যথা বেংক গ্রাহকৰ একাউণ্ট শূন্য হ’ব পাৰে। বিগত চাৰি মাহত এছ বি আইৰ ১৫০ জন গ্রাহকে এই চাৰিটা এপ্ৰ জৰিয়তে ৭০ লাখ টকাৰৰ অধিক পৰিমাণৰ ধন হেৰুৱাব লগা হৈছিল।

চাইবাৰ প্ৰৱঞ্চকে চল- চাতুৰিৰে গ্ৰাহকক কথাৰ জালত ফচাই এনেবােৰ এপ্ ডাউনলােড কৰিবলৈ বাধ্য কৰে আৰু পাছত তেনে লােকৰ বেংক একাউণ্টৰ ধন উলিয়াই নিয়ে।

ইয়াৰ লগতে এছ বি আয়ে একাউণ্ট ধ্বৰকসকলক ইউনিফাইড পেমেন্ট ছিষ্টেম (ইউ পি আই)ৰ সন্দৰ্ভততে সতর্ক কৰিলে। এছ বি আয়ে গ্রাহকসকলক কয় যে যিকোনাে অজ্ঞাত পৰিচয় উৎস বা ব্যক্তিয়ে প্রেৰণ কৰা ইউ পি আই কালেক্ট ৰিকুৱেষ্ট বা কিউ আৰ ক’ড কেতিয়াও স্বীকাৰ কৰিব নালাগে।

অজ্ঞাত ৱেবছাইটত হেল্পলাইন নম্বৰৰ সন্ধান কৰাৰ ভুল নকৰিবলৈকো এছ বি আয়ে গ্রাহকক পৰামর্শ দি কয় যে চাইবাৰ প্ৰৱঞ্চনাৰ পৰা নিজক সুৰক্ষিত ৰাখিবলৈ হ’লে ব্যক্তিগত সতর্কতা অবলম্বনৰ বিকল্প নাই।

Exit mobile version