চীন সীমান্তত নতুন জেনেৰেলক দায়িত্ব অৰ্পণ কৰিলে জিনপিঙে

98767d6c 0faf 11ec 9d42 800799a493a5 1631000992595

আফগানিস্তানক লৈ ভাৰতে চিন্তিত হৈ থকাৰ সময়তে এইবাৰ চীন সীমান্তত নতুন খবৰ । ভাৰত-চিন সীমান্তত নতুন জেনেৰেলক দায়িত্ব অৰ্পন কৰিলে ছি জিনপিঙে । ভাৰতক লৈ নতুন কোনো পৰিকল্পনা কৰিছে নেকি চীনৰ ৰঙা ফৌজে ?

সূত্র অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং পিএলএ-ৰ জিনজিয়াং সামৰিক এলাকাৰ ভাৰপ্রাপ্ত অফিচাৰ ৱাং হাইজিয়াঙক গুৰুত্বপূর্ণ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ (ডব্লিউটিচি) প্রধান হিচাপে পদোন্নতি দিয়ে । ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডাৰৰ অধীনত ভাৰত-চীন সীমান্ত । যি পূৱ লাদাখ এলাকাত সম্প্রতি সীমান্ত সমস্যাৰ ফলত তেজ বৈছে, সেই এলাকত এতিয়াও সীমান্ত সমস্যাৰ কথা শোনিবলৈ পোৱা যায় ।

সূত্ৰ অনুসৰি, জিনপিঙে সোমবাৰে মুঠ পাঁচজন সামৰিক বিষয়াক পদোন্নতি দিছে । ৱাং হাইজিয়াং তাৰ ভিতৰতে অন্যতম ।

সোমবাৰে বেইজিঙৰ অনুষ্ঠানত চিএমচি প্রধান ছি জিনপিঙৰ উপৰিও জেনেৰেল ৱেই ফেংঘে, জেনেৰেল লি জুওচেং, এডমিৰেল মিয়াও হুৱা আৰু জেনেৰেল ঝাং ছেংমিন উপস্থিত আছিল । তেওঁলোক প্রত্যেকেই চীনৰ চেন্ট্রেল মিলিটাৰী কমিচনৰ সদস্য । এই অনুষ্ঠানতে ৱাং হাইজিয়াঙক ডব্লুটিচিৰ দায়িত্ব ভাৰ দিয়ে ছি জিনপিঙে ।

বিগত জুলাইত ডব্লিউটিচিৰ প্রধান পদত পদোন্নতি দিয়া হৈছিল জেনেৰেল জু কুইলিঙক । কিন্তু আগষ্টত এই সালসলনিৰ পাছত জু কুইলিঙক কি পদ দিয়া হৈছে সেয়া স্পষ্ট নহয় ।

বিগত বৰ্ষৰ আগষ্টত হাইজিয়াঙক অশান্ত জিনজিয়াং প্রদেশেৰ সামৰিক কমাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল । এসময়ত এই অঞ্চলত সন্ত্রাসবাদ লৈ ব্যতিব্যস্ত হৈছিল বেইজিং । সূত্ৰ অনুসৰি, ৱাং হাইজিয়াঙৰ সামৰিক বাহিনীৰ তৎপৰতাতে শান্তি ঘূৰি আহে জিনজিয়াং প্রদেশত ।

২০১৬ত পিএল‌এ-ৰ হৈ ভাৰতত ভ্ৰমণ কৰিছিল হাইজিয়াঙে । যৌথ সন্ত্রাস দমন অভিযানতো অংশগ্ৰহণ কৰিছিল । চীনৰ চৰকাৰী সংবাদমাধ্যম সূত্রে দাবী, যোৱা বছৰৰ পৰা ডব্লিউটিচি চতুর্থবাৰ প্রধান পদত সালসলনি কৰিলে । যোৱা বছৰৰ পৰাই পূৱ লাদাখ অঞ্চলত সীমান্ত সমস্যাৰ ফলত মুখামুখি সংঘর্ষত লিপ্ত হয় ভাৰত আৰু চীনৰ সেনা ।

Exit mobile version