বিটিআৰ চৰকাৰে অসম টেট-২০১৯ উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থীসকলক মানসিকভাৱে হত্যা কৰিব বিচাৰিছে এই মন্তব্য সুদন ৰায়ৰ

WhatsApp Image 2021 09 07 at 2.37.18 PM 1

আজি এক প্ৰেছ বিবৃতিযোগে সদৌ বিটিআৰ প্ৰাথমিক অসম টেট-২০১৯ উত্তীৰ্ণ সমিতিৰ সভাপতি সুদন ৰায়ে কয় যে বিটিআৰ চৰকাৰে অসম টেট-২০১৯ৰ উত্তীৰ্ণ বিটিআৰ অঞ্চলৰ প্ৰাৰ্থীসকলক মানসিকভাৱে হত্যা কৰিব বিচাৰিছে । নিৰ্বাচনৰ পূৰ্বে আমাক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক । ২০১৯ৰ অসম টেট অনুষ্ঠিত হোৱাৰ পাছত বিটিআৰ অঞ্চলৰ বাহিৰে অসমৰ অইন সকলো জিলাতেই ইতিমধ্যেই অসম চৰকাৰে দুই তিনিবাৰকৈ বিজ্ঞাপন আৰু নিযুক্তি সম্পূৰ্ণ কৰিলে । লগতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদতো ২০১৯ৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলক দুবাৰকৈ নিযুক্তি দিলে, কিন্তু আজিলৈকে বিটিআৰ চৰকাৰে এবাৰো প্ৰাথমিক শিক্ষক নিযুক্তি দিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন কৰে সুদন ৰায়ে ।

লগতে সুদন ৰায়ে আৰু কয় যে, শেহতীয়াকৈ প্ৰাথমিক শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৪২৭টা পদৰ যি বিজ্ঞাপন প্ৰকাশ কৰিছে, সেই বিজ্ঞাপনত বিটিচি চৰকাৰে ছমহীয়া যিসকল শিক্ষকক নিযুক্তি দিছিল সেইসকল শিক্ষকক যোগ্যতাৰ ভিত্তিত ৫০ নম্বৰ দিব বুলি বিজ্ঞাপনত স্পষ্ট উল্লেখ কৰিছে । এতিয়া কথা হ’ল ছমহীয়া শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰক তাত আমাৰ কবলগীয়া একো নাই, কিন্তু সেইটো কৰিবলৈ গৈ ২০১৯ৰ অসম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক বঞ্চিত কৰা নহ’বনে বুলি বিটিআৰ চৰকাৰক প্ৰশ্ন কৰে ।

আনফালে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে বিটিআৰ অঞ্চলত শীঘ্ৰে যি টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে তাত আমি আদৰণি জনাইছো, কিন্তু যিসকলে ইতিমধ্যেই টেট পাছ কৰি বহি আছে তেওঁলোকক নিযুক্তি দিয়াৰ পাছতহে টেট পাতক অন্যথা আমি গণতান্ত্ৰিকভাৱে এলানি আন্দোলন কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ম আৰু ইয়াৰ বাবে পৰিৱেশ পৰিস্থিতিৰ কিবা বিনিষ্ট হ’লে সম্পূৰ্ণৰূপে দায়ী চৰকাৰখনে হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

লগতে বিটিআৰ চৰকাৰক সদৌ বিটিআৰ প্ৰাথমিক অসম টেট-২০১৯ উত্তীৰ্ণ সমিতিৰ তৰফৰ পৰা অসম টেট উত্তীৰ্ণ নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলক অতি সোনকালে নিযুক্তিৰ ব্যৱস্থা কৰি শিক্ষা খণ্ডৰ উন্নয়ন সাধনৰ লগতে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ জীৱিকাৰ পথ সুগম কৰে তাৰ বাবে আহ্বান জনায় সংগঠনটোৰ সভাপতি সুদন ৰায়ে ।

Exit mobile version