ৰিলায়েন্সৰ শ্বেয়াৰ বৃদ্ধিত আম্বানীৰ দুই বিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি

mukesh ambani 1595511349

পুঁজি বজাৰত ভাৰতৰ সর্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰ মূল্য অক্টোবৰ ২০২০ পাছত সর্বোচ্চ স্তৰত উপনীত হৈছে। এন এছ ইৰ পৰিসংখ্যা অনুসৰি, ৰিলায়েন্সৰ শ্বেয়াৰ মূল্য সােমবাৰে দুপৰীয়া ১২-২১ বজাত ২.০০ শতাংশ দ্রুততাৰে ২৪৩৬.২৫ টকা হৈছিল।

সোমাবাৰে দুপৰীয়ালৈকে ৰিলায়েন্স ইণ্ডাষ্টিজৰ শ্বেয়াৰ মূল্য ৫২ সপ্তাহৰ পাছত সর্বোচ্চ স্তৰ ২৪৮০ টকালৈ বৃদ্ধি পালে। জুলাইৰ পাছত শ্বেয়াৰ মূল্য প্রায় ১৭ শতাংশ বৃদ্ধি পালে।

ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্য দ্রুত বৃদ্ধিৰ ফলত কোম্পানীটোৰ স্বত্বাধিকাৰী মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণে বৃদ্ধি পালে।

শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ জৰিয়তে সোমাবৰে বিশ্বৰ অবুদপতিৰ তালিকাত আম্বানীৰ স্থান ১১ সংখ্যকলৈ উন্নীত হ’ল। পূর্বে তেওঁ এই তালিকাত বাৰসংখ্যক স্থানত আছিল।

কালি দুপৰীয়ালৈকে আম্বানীৰ সম্পত্তিৰ পৰিমাণ দুই বিলিয়ন ডলাৰ বৃদ্ধি পালে। ফব’ছ ৰিয়েল টাইম বিলিয়নেৰ সূচাংকত আম্বানীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৯৪.৭ বিলিয়ন ডলাৰ।

কৰ’নাৰ ব্যাপক সংক্রমণ আৰু তলাবন্ধৰ পাছতাে ভাৰতৰ একাংশ অবুদপতিৰ সম্পত্তিৰ পৰ্মািণ বৃদ্ধি অব্যাহত আছে। কৰ’না কালত আম্বানীৰাে পুনৰ সম্পত্তি বৃদ্ধি পালে।

শেহতীয়াভাৱে তলাবন্ধ দেশৰ প্ৰায়বােৰ ৰাজ্যতে প্রত্যাহাৰ কৰাৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি পাইছে। বজাৰ বিশেষজ্ঞসকলৰ মতে, ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ শ্বেয়াৰৰ মূল্য আগন্তুক সময়ত অধিক বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে।

Exit mobile version