এইবাৰ সামৰিক অভ্যুত্থান সংঘটিত হ’ল আফ্রিকাৰ দেশ গিণিত। প্রকাশিত বাতৰি অনুসৰি, দেশখনৰ সেনাই গিণিৰ ৰাষ্ট্ৰপতি অলফা ক’ণ্ডেক ক্ষমতাচ্যুত কৰি নিজৰ জিম্মাত ৰাখিছে।
ADVERTISEMENT
অলফাক গ্রেপ্তাৰ কৰাৰ পাছত সেনাই ইতিমধ্যে গিণিত চৰকাৰ ভংগ কৰাৰ কথা ঘােষণা কৰিছে। দেশৰ সেনা বাহিনীৰ এটা বিদ্রোহী গােটে হঠাতে গিণিত সামৰিক অভ্যুত্থান ঘটালে।
উল্লেখ্য যে অলফা ২০১০ত গিণিৰ ৰাষ্ট্রপতি নির্বাচিত হৈছিল। বিগত ১১ বছৰীয়া শাসন কালত অলফাৰ বিৰুদ্ধে দুর্নীতি-ভ্রষ্টাচাৰ আৰু স্বেচ্চাচাৰিতাৰ অসংখ্য অভিযােগ উত্থাপিত হৈছিল।