শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উদযাপন

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৫তম জন্ম দিৱসটো বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমন্বয় দিৱস হিচাপে উদযাপন কৰা হয় । ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ যুটীয়া উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানৰ অংশ হিচাপে কলাক্ষেত্ৰৰ বাকৰিত সমন্বয় দিৱসৰ মূল পতাকাৰ লগতে মুঠ ৯৬খন পতাকা উত্তোলন কৰা হয় ।

ADVERTISEMENT

উক্ত পতাকা উত্তোলন কৰে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ভাস্কৰ বীৰেন সিংহ, জেপি দাস, মনীষা হাজৰিকা, প্ৰাঞ্জল শইকীয়া, সন্ধ্যা মেনন, সদানন্দ গগৈ, গৌতম শৰ্মা, পুলিন কলিতা, মালবিকা বৰা, নমিতা ভট্টাচাৰ্য, অনুৰাধা শৰ্মা পূজাৰী, তৰালী শৰ্মা, ময়ুশ হাজৰিকা, অনিন্দিতা পাল আদি শিল্পীয়ে ।

দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই দিৱসটো গীত মাতেৰে জীপাল কৰে তৰালী শর্মাকে আদি কৰি বহু শিল্পীয়ে । মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত সংগীতানুষ্ঠানৰ পূৰ্বে আকাশবাণীৰ নিয়মীয়া শিল্পী ধৰণী পামক দুধনৈ ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা সমন্বয় বঁটা আৰু বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাক মৰণোত্তৰভাৱে ভূপেন হাজৰিকা হিতৈষী বঁটা প্ৰদান কৰা হয় ।

Exit mobile version