ঘৰত গণপতিক আনি নেতিজেনসকলৰ কুমন্তব্যৰ সন্মুখীন শিল্পা

iit03hd8 shilpa

মহাৰাষ্ট্ৰত ইতিমধ্যে গণেশ পূজা আৰম্ভ হৈছে। অভিনেত্ৰী শিল্পা ছেট্টীয়ে বুধবাৰে ৰীতি-নীতি অনুসৰি গণপতিক ঘৰলৈ আনিছে । অভিনেত্ৰীগৰাকীয়ে প্ৰতিবাৰেই ঘৰত গণেশ পূজা আয়োজন কৰে ।

এইবাৰো, সেয়া অন্যথা নহয় । শিল্পাকে ধৰি পৰিয়ালৰ সকলোৱে গণপতিৰ ঘৰত উপস্থিত হোৱাত আনন্দিত হৈছে । গণপতিক শিল্পাৰ ঘৰলৈ অনাৰ ফটো নেটিজেনসকলৰ মাজত অলপ সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছে ।

সামাজিক মাধ্যমত শিল্পাৰ এই ফটোসমূহে এতিয়া সমালোচনাৰ সৃষ্টি কৰিছে । নেটিজেনসকলে ছবিখন শ্বেয়াৰ কৰি লিখে, ‘প্ৰথমে নিজৰ স্বামীক ঘৰলৈ ঘূৰাই আনক ।’

শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰাক (ৰাজ কুন্দ্ৰা) কিছুদিন পূৰ্বে মুম্বাই আৰক্ষীয়ে পৰ্ণ’গ্ৰাফীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল । ৰাজ গোচৰটোৰ মূল অভিযুক্ত আছিল ।

তেওঁৰ ওপৰত পৰ্ণ’গ্ৰাফী তৈয়াৰ কৰা আৰু এটা এপৰ জৰিয়তে সেইসমূহ প্ৰচাৰ কৰাৰ অভিযোগ আছিল । ব্যৱসায়ীজনক ইতিমধ্যে জামিন দিয়া হৈছে ।

Exit mobile version