দিনটোৰ ৰাশিফল

469921 scaled 2

মেষ : কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি। আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হলেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা।

বৃষ : খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ নাই। অৱশ্যে প্রাপ্য ধন পােৱাৰ সম্ভাৱনা থাকিব। শুভ ৰং বেঙুনীয়া।

মিথুন : সাধাৰণ খংৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টাত সফল হ’ব। শুভ ৰং আকাশী নীলা।

কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্রতি যত্ন লােৱাটো দংকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা।

সিংহ : ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম।

কন্যা :আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। শুভ ৰং কলা।

তুলা :সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিকত চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। ব্যস্ততা। শুভ ৰং কমলা।

বৃশ্চিক : দুই ধৰণৰ চিন্তাই আপােনাৰ কৰ্মৰ্ত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লােকৰ কোনাে কথাত সন্তুষ্ট নহ’ব। পিছে। অপেক্ষা কৰা কোনাে সংবাদত সুখ। শুভ ৰং বেঙুনীয়া।

ধনু:দৰিদ্ৰ নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ। স্বার্থৰ বাহিৰত থকালৈ আপােনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া।

মকৰ : মধ্যম হলেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ পাতিৰ লগত কোনােৰ বাবে মনত দুখ বা অযথা কৰ্মৰ্ত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মাদিও অযথা মন্থৰতা। শুভ ৰং ৰঙা।

কুম্ভ : ইচ্ছাকৃত কথাত কিবা বাধা পাব শৰীৰৰ অথন্তৰাে দেখা যায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়। শুভ ৰং সেউজীয়া।

মীন :কর্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব পাৰে। আর্থিক আমদানিৰ লগতে খৰচৰ পথাে মুক্ত থাকিব। সন্তানৰ ভালেই। সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যােগ। শুভ ৰং নীলা।

Exit mobile version