যুদ্ধাস্ত্ৰত নতুন ইতিহাস আমেৰিকা :মানৱবিহীন ৰ’বট ছাবমেৰিনৰে নিক্ষেপ ক্ষেপণাস্ত্র

A322 1

চীন আৰু ৰাছিয়াৰ বর্ধিত নৌশক্তিৰ স’তে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হােৱা মহাশক্তি আমেৰিকাই সমুদ্ৰত নিজৰ আধিপত্য অক্ষুন্ন ৰাখিবলৈ তৈয়াৰ কৰিছে অত্যাধুনিক প্রযুক্তিৰ ৰ’বট ছাবমেৰিন।

ADVERTISEMENT

আমেৰিকাই নিৰ্মাণ কৰা এই ৰ’বটৰূপী ছাবমেৰিনে প্রথমবাৰ সফলতাৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰিলে।আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনৰ সূত্ৰই দাবী কৰা অনুসৰি, দেশখনে তৈয়াৰ কৰা দুখন ৰ’বটৰূপী ছাবমেৰিনৰ এখনে প্ৰথমবাৰৰ বাবে ধ্বংসকাৰী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে।

উল্লেখ্য যে আমেৰিকাই তৈয়াৰ কৰা অত্যাধুনিক প্ৰযুক্তিৰ এই ৰটৰূপী ছাবমেৰিত কোনাে মানৱ বা সৈনিক নাথাকিব। মানৱবিহীন এনে ৰ’বট ছাবমেৰিনৰ জৰিয়তে আমেৰিকাই শত্রুপক্ষক যুদ্ধত উচিত প্রত্যুত্তৰ দিবলৈ শক্তি আহৰণ কৰিব ।

কেলিফর্ণিয়াৰ উপকূলত অলপতে মার্কিন নৌবাহিনীয়ে এই ৰ’বট ছাবমেৰিনৰ জৰিয়তে প্ৰথমটো ক্ষেপণাস্ত্র সফলতাৰে পৰীক্ষণ সম্পন্ন কৰে।

Exit mobile version