গো সুৰক্ষা আইনে জুৰুলা কৰিছে হিন্দু গো-পালকসকলক

মানাহৰ কাহিতামাত 'গো সুৰক্ষা আইন' বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বাগসাৰ খাৰিজা বিজনীৰ কাহিতামাত আজি ‘গো সুৰক্ষা আইন’ বাতিলৰ দাবীত চিপিআইএম দলৰ সহযোগত অঞ্চলটোৰ গো-পালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিপিআইএমৰ খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সহযোগত আজি গো-পালকসকলে সকলো গো-পালক এক হওক, চিপিআইএম জিন্দাবাদ, গণবিৰোধী গো আইন বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব, গো আইনৰ বিৰুদ্ধে সকলো ৰাইজ এক হওক আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে,‌ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলটোৰ কে’বাখনো গো বাথানত আছে হেজাৰ হেজাৰ গোধন ৷ ইয়াৰোপৰি বৃহত্তৰ অঞ্চলটোৰ কাহিতামা, লাৱদাংগুৰি, মইনামাতা, বাৰাপেটা, ভালাগুৰি, অক্সিগুৰি, ছামথাইবাৰী, চুক্ৰুংবাৰী আদি কৰি গাঁওসমূহৰ প্ৰায়ভাগ লোকেই কৃষিজীৱি হোৱা বাবে প্ৰতি ঘৰে দুইৰ পৰা ২৫/৩০ টালৈকে গোধন পোহপাল দি আহিছে ৷ কিন্তু ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা গো সুৰক্ষা আইন বলবৎ হোৱাৰ পাছতে গোধন বিক্ৰী কৰিব নোৱাৰি বিমোৰত পৰিছে গো-পালকসকল ৷ কিয়নো বিভিন্ন প্ৰয়োজন যেনে বিয়া সবাহ, পঢ়া-শুনা, দুৰ্ঘটনা আদিৰ ক্ষেত্ৰতো গোধন বিক্ৰী কৰি আৰ্থিক অনাটন দূৰ কৰিছিল গো-পালকসকলে ৷

এতিয়া ‘গো সুৰক্ষা আইন’ বলবৎ হোৱাৰ পাছতে গো-পালকসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ৷‌ যাৰ বাবে এই আইনখন বাতিলৰ দাবীত চিপিআইএম দলৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় অঞ্চলটোৰ গো-পালকসকলে ৷

Exit mobile version