আন্তৰ্জাতিক মহাকাশ ষ্টেচনত ধোঁৱা-প্লাষ্টিক পোৰাৰ গন্ধ

তাৎক্ষণিক ব্যৱস্থাৰে বিৰাট দুৰ্ঘটনা ৰোধ কৰিলে মহাকাশচাৰীয়ে

1108033 nasa

পুনৰ দুর্ঘটনা সংঘটিত হ’ল ভূপৃষ্ঠৰ পৰা ৩৭০ কিলােমিটাৰ ওপৰত পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰি থকা আন্তর্জাতিক মহাকাশ ষ্টেছনত। এটা অংশৰ পৰা অনর্গল ধোঁৱা ওলাই অহা দেখা যায়।

ইয়াৰ লগতে প্লাষ্টিক পােৰাৰাে গন্ধ পায় ষ্টেছনত থকা মহাকাশচাৰীসকলে। ভাৰতীয় সময় বৃহস্পতিবাৰে পুৱা ছয়ৰ পৰা সাত বজাৰ ভিতৰত এই দুর্ঘটনা সংঘটিত হােৱা বুলি জনাইছে ‘ৰচকচমচ’ নামৰ ৰুছ মহাকাশ গৱেষণা কেন্দ্রই।

পৰৱৰ্তী সময়ত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাই নাছাৰ সূত্রই জনায় যে প্রথম অৱস্থাত মহাকাশ ষ্টেছনৰ উক্ত অংশত থকা ফায়াৰ এলার্মটোৱেও কাম কৰা নাছিল। ফলত ধোঁৱা ওলাই থকা বিষয়টো মহাকাশ ষ্টেছনত থকা সাতজন মহাকাশচাৰীয়ে প্রথম গমেই পােৱা নাছিল। পাছত তেওঁলােকে প্লাষ্টিক পােৰাৰ গন্ধ পায়।

তেতিয়াহে তেওঁলােকে গম পায় যে মহাকাশ ষ্টেছনৰ এটা অংশৰ পৰা ধোঁৱা ওলাই আছে।মহাকাশচাৰীসকলে তেতিয়া উক্ত অংশত উপস্থিত হৈ ফায়াৰ এলার্ম পুনৰ সক্রিয় কৰে।
মহাকাশ ষ্টেছনৰ যি অংশৰ পৰা ধোঁৱা আৰু প্লাষ্টিক পােৰাৰ গন্ধ নির্গত হৈছিল, সেই অংশটো নির্মাণ কৰিছিল ৰচকচমচ’ নামৰ ৰুছ মহাকাশ গৱেষণা কেন্দ্রই।

অংশটোৰ নাম ‘জুভেজডা ছাৰ্ভিচ মডিউল। এই অংশতে মহাকাশচাৰীসকলে শােৱাৰ ব্যৱস্থা আছে। ৰুছ সংবাদ সংস্থা’ তাছ’ৰ তৰফৰ পৰা জনাইছে। যে অতি দ্রুতগতিৰে পৰিস্থিতি স্বাভাৱিক কৰি তােলা হৈছে। মহাকাশচাৰীসকল নিৰাপদে আছে।

তেওঁলােকে ইতিমধ্যে নিজৰ নিয়মিত কাম-কাজো আৰম্ভ কৰিছে। আন এক ৰুছ সংবাদ সংস্থা ‘ৰিয়া ন’ভস্কি’য়ে জনাইছে যে জুভেজড়া ছাৰ্ভিচ মডিউলত দুর্ঘটনাৰ কথা প্রথমে মস্কোস্থিত ‘মিছন কন্ট্রোল’ক জনায় মহাকাশ ষ্টেছনত থকা ৰুছ মহাকাশচাৰী অ’লেগ ন’ভিতস্কিয়ে।

তেওঁ জনায়, প্লাষ্টিক পুৰি যােৱাৰ গন্ধ পােৱা গৈছে সেই অংশৰ পৰা। ধোঁৱা নির্গত হােৱা দেখা গৈছে। পাছত ‘চকচমচ’ৰ তৰফৰ পৰা জনােৱা হয় যে সেই সময়ত জুভেজা ছাৰ্ভিচ মডিউলত বেটাৰী ৰিচার্জ কৰা হৈছিল।

‘এয়াৰ পিউৰিফায়িং ছিষ্টেম’ সক্রিয় কৰাৰ পাছত ধোঁৱা নিয়ন্ত্রণলৈ আহে।উল্লেখ্য যে মহাকাশ ষ্টেছনৰ জুভেজা ছাৰ্ভিচ মডিউলত ইয়াৰ পূর্বেও দুর্ঘটনা সংঘটিত হৈছিল। ২০১৪ত প্রথমবাৰলৈ সেই অংশৰ পৰা ধোঁৱা নিৰ্গত হােৱা দেখা গৈছিল।

যােৱা বছৰ সেই অংশতে ‘এয়াৰ লিক’ হােৱাত মহাকাশচাৰীসকলৰ বাবে মজুত চাহপাত সমগ্র মহাকাশ ষ্টেছনতে বিয়পি পৰিছিল। ইফালে, যােৱা সপ্তাহত মহাকাশ ষ্টেছনৰ আন এটা অংশ ‘জাৰিয়া’তাে কেবাটাও ফাট ধৰা পৰিছিল। সেই অংশও নির্মাণ কৰিছিল ৰুছ মহাকাশ গৱেষণা সংস্থাই।

Exit mobile version