ইউএছ অ’পেন চেম্পিয়নশ্বিপত জয়ী হৈ অভিলেখ গঢ়িলে এমা ৰাডুকানুৱে

oili1r08 emma raducanu us open

ইউএছ অ’পেনত মহিলাৰ ছিংগলছ চেম্পিয়ন হৈ ইতিহাস ৰচিলে এমা ৰাডুকানুৱে । ৬-৪, ৬-৩ ব্যৱধানত প্রতিপক্ষ লেইলা ফার্নান্দেজক পৰাজিত কৰি চেম্পিয়ন হ’ল ব্রিটিছ যুৱতী । যোগ্যতা নির্ণয়ক পৰ্যায়ত খেলি অহা কোনো টেনিছ খেলুৱৈয়ে ইয়াৰ আগতে গ্রেণ্ডশ্লেম জয় কৰিব পৰা নাই । ৰাডুকানুৱে প্রথম ।

ছেৰিনা উইলিয়ামছৰ পাছত দ্বিতীয় মহিলা টেনিছ খেলুৱৈ হিচাপে সকলো ছেটতে জয়ী হৈ চেম্পিয়ন হ’ল ৰাডুকানু ।

মেচ চলাকালীন এবাৰ আহত‌ও হৈছিল ৰাডুকানু । তাৰ পাছতো পুনৰ খেলে । উইম্বলডনত শেষ ১৬-ত উঠিছিল ৰাডুকানু । সেই সময়তেই তেওঁ টেনিছত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল । উইম্বলডনৰ পৰা বিদায় লয় যদিও ইউএছ অ’পেনত নিজৰ প্রথম গ্রেণ্ডশ্লেম জয় কৰিলে ।

Exit mobile version