কলগাছিয়াৰ গাঁৱে গাঁৱে কৰ’না প্ৰতিষেধক প্ৰদান আৰম্ভ

বৰপেটাৰ উপায়ুক্তৰ তৎপৰতাত আৰম্ভ হৈছে কাৰ্যসূচী

Screenshot 156

বিগত দিনবোৰত কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাধীন কৰ’না প্ৰতিষেধক কেন্দ্ৰসমূহত ৰাইজৰ অত্যাধিক ভিৰ হোৱা পৰিলক্ষিত হয় । প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহত ৰাইজৰ হেতা-ওপৰা লগাৰ প্ৰতি লক্ষ্য কৰি বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে গাঁৱে গাঁৱে প্ৰতিষেধক প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰে ।

উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এলেকাধীন ৩১ টা কেন্দ্ৰত কৰ’না প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হৈছে । বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচাল আৰু কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ নাজিৰুল ইছলামৰ তৎপৰতাৰ ৰাইজে গাঁৱতে কৰ’না প্ৰতিষেধক ল’বলৈ পাই উৎফুল্লিত হোৱা দেখা গৈছে । বৰপেটা জিলাৰ উপায়ুক্তৰ পদক্ষেপক গঞা ৰাইজে ভূয়সী প্ৰসংশা কৰে ।

Exit mobile version