ডায়েবেটিছ প্ৰতিৰােধৰ বাবে খাওক ডালচেনি

41QnzV7PD0L

ভাৰতীয় পৰম্পৰাগত খাদ্য সম্ভাৰ প্রস্তুত কৰােতে যিবােৰ মচলা। ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল ডালচেনি। এইবিধ মচলা খাদ্য সম্ভাৰ প্রস্তুত কৰােতে ব্যৱহাৰ কৰিলে পৰােক্ষভাৱে ডায়েবেটিছ প্ৰতিৰােধ কৰাত সহায় কৰে।

লিপিডছ ইন হেলথ এণ্ড ডিজিজ’ নামৰ এখন পত্রিকাত ডালচেনিৰ গুণ সম্পর্কে বহুতাে নতুন নতুন তথ্য প্রকাশ পাইছে। গৱেষকসকলৰ মতে, ডালচেনি খালে ‘মেটাবলিক ছিণ্ড্ৰ’ম’ৰ পৰা হাত সাৰিব পাৰি। ডায়েবেটিছ ৰােগৰ বাবে যিবােৰ কাৰক চিহ্নিত হৈছে সেইবােৰৰ ভিতৰত মেটাবলিক ছিণ্ড্ৰ’ম’ৰ অন্যতম ।

যেতিয়া উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰইডৰ পৰিমাণ বেছি থকা অৱস্থাটোৱে হ’ল মেটাবলিক ছিণ্ড্ৰ’ম। তদুপৰি।তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ লগতে চর্বি আৰু ওজনাে বৃদ্ধি পায় । যেতিয়া এনেধৰণৰ সমস্যাই গা কৰি উঠে তেতিয়া ষ্ট্ৰক আৰু হার্ট এটেকৰ আশংকা বৃদ্ধি পায় ।

গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি ডাল চেনিত থকা বিভিন্ন উপাদানে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে যিয়ে বিভিন্ন ৰােগৰ ভাইৰাছ আদিৰ বিৰুদ্ধে যুঁজ দিব পাৰে । এগৰাকী সুস্থ ব্যক্তিয়ে যদি নিতৌ ২-৩ গ্রাম ডালচেনি খায় তেওঁৰ স্বাস্থ্য ৰক্ষাত সহায় হয় । নতুন দিল্লী চলােৱা গৱেষণাৰ সময়ত অধ্যয়নকাৰী দলটোৱে লাভ কৰা তথ্যই ডায়েবেটিক ৰােগীৰ বাবে আশাৰ সঞ্চাৰ কৰিছে ।

Exit mobile version