নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰ পৰা আৰম্ভ ফুটবল প্ৰশিক্ষণ শিবিৰ

মহানগৰী পাথৰকুৱাৰীস্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে এমাহজোৰা ফুটবল প্ৰশিক্ষণ শিবিৰ । এই উপলক্ষে আজি পুৱাৰভাগত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ক্ৰিয়া সংগঠক যোগেন কলিতাই অনুষ্ঠানিকভাবে শিবিৰটোৰ মুকলি কৰে ।

গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ পৰা অহা অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে এই শিবিৰত। অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক তথা সুদক্ষ ফুটবলাৰ মিত্ৰদেৱ স্বৰ্গীয়াৰীয়ে প্ৰশিক্ষণ দিয়া এই শিবিৰটোৰ পৰা ৰাজ্যিক দললৈ অন্তত এজন ভাল খেলুৱৈ নিৰ্বাচিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে।

এই শিবিৰ মুকলি অনুষ্ঠানত নাৰেংগী ক্ৰীড়া সন্থাৰ উপ সভাপতি ধর্মকান্ত ডেকা, পবিত্ৰ কুমাৰ দাস, সুৰেশ কাইমল, প্ৰতাপ মজুমদাৰ আদিকে ধৰি ভালেমান লোক উপস্থিত থাকে ।

Exit mobile version