পূজালৈ মাজত মাত্ৰ কিছুদিন বাকী।এইবাৰ পূজাৰ আগেয়ে কিছু সকাহ পাব সাধাৰণ লোকে । খোৱা তেলৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণকৰাৰ পথত কেন্দ্ৰীয় চৰকাৰ।
কেন্দ্ৰই পাম, চয়াবীন আৰু সূৰ্যমুখী তেলৰ শুল্ক অংশ আৰু হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। আমদানি শুল্ক হ্ৰাস কৰিলে খুচুৰা বজাৰত প্ৰতি লিটাৰত খোৱা তেলৰ মূল্য চাৰিৰ পৰা পাঁচ টকালৈ হ্ৰাস হ’ব পাৰে। কিন্তু ইয়াৰ ফলত আনুমানিক ১১০০ কোটি টকাৰ ৰাজহ লোকচান হ’ব পাৰে বুলি দিল্লীয়ে জানিবলৈ দিয়ে।
খাৰুৱা পাম তেলৰ আমদানি শুল্ক ১০ শতাংশৰ পৰা ২.৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। এছ.ৱাই.অ’ আৰু সূৰ্যমুখী তেলৰ শুল্কও ২.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। শনিবাৰৰ পৰা কাৰ্যকৰী নতুন মূল্য। কেন্দ্ৰৰ পৰিসংখ্যা অনুসৰি, ভোজ্য তেলৰ মূল্য আগৰ বছৰৰ তুলনাত ৬০ শতাংশ বৃদ্ধি পাইছে।
ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ খোৱা তেলৰ আমদানিকৰ্তা। দেশৰ আভ্যন্তৰীণ চাহিদা আমদানিৰ জৰিয়তে পূৰণ কৰা হয় আৰু সেই হাৰ হৈছে ৬০%। ইয়াৰ অৰ্থ হৈছে যে আন্তৰ্জাতিক বজাৰত খোৱা তেলৰ মূল্য বৃদ্ধিয়ে ভাৰতত মূল্য নিৰ্ধাৰণত মুখ্য ভূমিকা পালন কৰে।
এবছৰ আগতে, প্ৰতি কিলোগ্ৰামত সৰিয়হ তেলৰ মূল্য আছিল ১২০ টকা, এতিয়া ই ১৭৫ টকালৈ বৃদ্ধি হৈছে। চৰকাৰী তথ্য অনুসৰি, যোৱা এবছৰত পাম তেলৰ মূল্য ৬৪ শতাংশ বৃদ্ধি পাইছে।