গোসাঁইগাঁৱত জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ হৈ আছে উদ্বোধন

বিশুদ্ধ পানীৰ পৰা বঞ্চিত দুই নম্বৰ হাতীগড় গাঁৱৰ অধিকাংশ ৰাইজ

ৰাইজক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জলজীৱন আঁচনিটোও পূৰ্বৰ আন বহুতো আঁচনিৰ দৰেই যে বিফল হব সেয়া ক্ৰমে স্পষ্ট হ’বলৈ ধৰিছে।

জনস্বাস্হ্য কাৰিকৰী বিভাগে ৰূপায়ণ কৰা পূৰ্বৰ এটা আঁচনিও সফলভাৱে ৰূপায়ণ হোৱা পৰিলক্ষিত হোৱা নাই যদিও জলজীৱন আঁচনিখনৰ প্ৰতি ৰাইজৰ আশা সঞ্চাৰ হৈছিল কিন্তু পৰিতাপৰ কথা এইখন বিয়াগোম আঁচনিও যে ব্যৰ্থতাৰ দিশত গতি কৰিব সেয়া ইতিমধ্যে প্ৰতীয়মান হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জলজীৱন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা বুলি ইতিমধ্যে প্ৰকাশ পাইছে।ৰাজ্যৰ আন প্ৰান্তৰ দৰে বিটিআৰৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰু পৰ্বতঝোৰা মহকুমাতো এইখন আঁচনি যে সফল নহ’ব সেয়া আঁচনি নিৰ্মাণৰ নমুনা প্ৰত্যক্ষ কৰিলেই বোধগম্য হয়।

প্ৰাককলন মতে কাম সমূহ হোৱা নাই বুলি অভিযোগ উঠিছে। আনহাতে দিল্লীৰ হেঁচাত কিছু কিছু আঁচনি সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ অভিযোগ উঠিছে গোসাঁইগাঁৱত। জনস্বাস্হ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ গোসাঁইগাঁওস্হিত কাৰ্যালয়ৰ অধীনস্হ তিনিখন আঁচনি ইতিমধ্যে ঢাক-ঢোল কোবাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে যদিও ৰাইজে ঘৰে ঘৰে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

গোসাঁইগাঁৱৰ গুৰুফেলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নম্বৰ হাতীগড় গাঁৱত নিৰ্মাণ কৰা জলজীৱন আঁচনিখন ইতিমধ্যে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে।এইখন আঁচনিৰ দ্বাৰা উক্ত গাঁৱৰ ১৭০ টা গৃহত পানী যোগান ধৰাৰ ব্যৱস্হা কৰা হৈছে যদিও আঁচনিখন উদ্বোধন হোৱাৰ পাছত দেখা গ’ল যে অধিকাংশ গৃহত জলজীৱনৰ পানী গৈ পোৱা নাই।

“আমি কিয় পানী পোৱা নাই ?” বুলি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজে পানী যোগানৰ দায়িত্বত থকা কৰ্মচাৰী সকলক প্ৰশ্ন কৰাত তেওঁলোকে কয় যে “পানী যোগানৰ বাবে মাটিৰ তলত বহুৱা পাইপ ঠায়ে ঠায়ে ফাট মেলিছে, কৰবাত ভাগিও গৈছে ফলত পানী যোগান ব্যহত হৈছে”।

আঁচনিখনৰ কাম সম্পূৰ্ণ নৌহওতেই নিশাৰ ভিতৰত ৰং চঙ সানি উদ্বোধন কৰাৰ আঁৰত কী ৰহস্য আছে বুলি প্ৰশ্ন কৰে স্বয়ং এইখন আঁচনিৰ পানী যোগানৰ বাবে গঠিত হোৱা ব্যৱহাৰিক সমিতিৰ সভাপতি তথা গাঁওখনৰ স্হায়ী বাসিন্দা বিবেক ফৌজদাৰে।

তেওঁ সাংবাদিকৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰি আৰু কয় যে, এইখন আঁচনিৰ কাম অতি নিন্মমানৰ হোৱাৰ ফলতে ৰাইজ পানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। অসম্পূৰ্ণ এখন আঁচনি উদ্বোধন কৰাটো সমীচিন হোৱা নাই। উদ্বোধনী অনুষ্ঠানত তেওঁক মতাই নাই বুলি ফৌজদাৰে কয়।

বিভাগৰ একাংশ দুৰ্নীতিপৰায়ন বিষয়া-অভিযন্তাক মেনেজ কৰি ধুৰন্ধৰ ঠিকাদাৰ সকলে প্ৰাককলনক ভৰিৰে মোহাৰি নিজৰ লাভালাভৰ অংকত কাম সমূহ কৰি থকা বাবেই জনস্বাস্হ্য কাৰিকৰী বিভাগৰ কোনো এখন আঁচনিৰ দ্বাৰা ৰাইজে আজি পৰ্যন্ত এটোপাল বিশুদ্ধ পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ৰাইজক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে জনস্বাস্হ্য কাৰিকৰী বিভাগৰ পূৰ্বৰ একাধিক আঁচনি যেনেকৈ ব্যৰ্থ হৈছে জলজীৱন আঁচনিৰো একে দশা হ’ব বুলি অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ কৰিছে।

উল্লেখ্য যে দুই নম্বৰ হাতীগড় গাঁৱৰ জলজীৱন আঁচনিখন নিৰ্মানৰ দায়িত্বত বিভাগটোৰে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু তেওঁৰ পুত্ৰ জড়িত হৈ আছে বুলি জানিব পৰা গৈছে।

উক্ত আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ কিয় উদ্বোধন কৰা হ’ল বুলি গাঁৱৰ ৰাইজৰ প্ৰশ্ন। ইপিনে এনেকৈ আৰু একাধিক আঁচনি উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে কিন্তু কোনো এখন আঁচনিৰ কাম সম্পূৰ্ণ হোৱা নাই। পানীৰ যোগান হৈ আছে নে নাই সেয়া পৰীক্ষা নকৰি জলজীৱন আঁচনি উদ্বোধন কৰি বাঃ বাঃ লোৱা বিভাটোৰ যাৱতীয় কাম কাজৰ বুজ লৈ ৰাইজক পানী যোগান ধৰিবলৈ ব্যৱস্হা গ্ৰহণৰ বাবে বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত দাস আৰু বিটিচিৰ কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গিয়াৰীৰ হস্তক্ষেপ বিচাৰিছে জলজীৱন আঁচনিৰ দ্বাৰা ঘৰে ঘৰে পানী নোপোৱা ৰাইজে।

Exit mobile version