থাওৰাত ১৩ টা পথ পকীকৰণৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰীকাৰ

থাওৰা সমষ্টিক অসমৰ উন্নত সমষ্টিলৈ আমি সকলোৱে মিলি লৈ যাব লাগিব : মন্ত্ৰী হাজৰীকা

শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা সমষ্টিত আজি একেৰাহে দ্বিতীয় দিনাও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই সতীৰ্থ মন্ত্ৰী ডা: ৰণোজ পেগুৰ স’তে সমষ্টিটোৰ বিভিন্ন স্থানত মুঠ ১৩টা পথৰ পকীকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে ।

ADVERTISEMENT

আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, থাওৰা সমষ্টিক অসমৰ এক উন্নত সমষ্টিলৈ লৈ যাবলৈ আমি সকলোৱে মিলি চেষ্টা কৰিব লাগিব । আনহাতে, ৰাজনীতিৰ স’তে উন্নয়নক একেলগ নকৰি সকলোকে লগত লৈ থাওৰা সমষ্টিৰ বাট পথ শীঘ্ৰে উন্নত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

থাওৰা সমষ্টিৰ যাতায়ত ব্যৱস্থাক উন্নত কৰাৰ স্বাৰ্থত মন্ত্ৰীগৰাকীয়ে আজি সতীৰ্থ মন্ত্ৰী ডা: ৰণোজ পেগু, যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়কদ্বয় কুশল দুৱৰী আৰু সুশান্ত বৰগোহাইৰ উপস্থিতি থাকে ।

আজি আধাৰশিলা স্থাপন কৰা পথ সমূহ হৈছে – ৰাইছাই মঃ হুছেইন পথ (১.৬৫ কি.মি.), ৰাইছাই ষ্টেডিয়াম হৈ ৰাইছাই পুখুৰী সংযোগী পথ (১.৫০ কি.মি.), ডিমৌ (ৰাইছাই) কোঁৱৰ দিহিঙীয়া হস্পিতালৰ পৰা গোধাবিল সংযোগী পথ (১.৬০ কি.মি.), কেন্দুগুৰি হৈ শুকান পুখুৰী চেতিয়া গাওঁ সংযোগী পথ (২.৫০ কি.মি.), ভাগ্যপুৰ তিনিআলি হৈ ঘিলামাৰী চুক পথ (১.৭০ কি.মি.), বাইলুং চুক হৈ নহাট সংযোগী পথ (২.৫০ কি.মি.), নহাট মাজগাঁও পথ (১.৯০ কি.মি.), নহাট দেওডুবি হৈ দোপনী পথ (২.৪০ কি.মি.), গড়ভঙ্গা পানী যোগান আঁচনিৰ কাষৰ পথৰ পৰা কোঁচ গাঁও পথ (২ কি.মি), নিতাই মাজগাঁও পথ (১‌ কি.মি.), তেতেলীগুৰি হৈ দিহিং কলঘৰ পথ (১.৪০ কি.মি.), নেমুকুৰ খনাজান হৈ কাৱৈমাৰী বিল পথ (১.৫০ কি.মি.) ।

Exit mobile version