পাকিস্তানৰ অৰ্ধেকাংশ নাগৰিকে আফগানিস্তানত বিচাৰে তালিবানৰ শাসন

000 9L83NF 1024x640 1

পাকিস্তানৰ আধাতকৈও অধিক নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্ৰকাশ কৰিলে। সমীক্ষক প্রতিষ্ঠান গেলপ ইণ্টাৰনেচনেল এছ’চিয়েচনে এই সন্দৰ্ভত চলােৱা এক সমীক্ষাত ২৪০০ জন পাকিস্তানী নাগৰিকৰ আফগানিস্তানত তালিবানৰ শাসনৰ সন্দৰ্ভত মত গ্ৰহণ কৰা হৈছিল।

ADVERTISEMENT

সমীক্ষাটোত অংশ লােৱা ৫৫ শতাংশ পাকিস্তানী নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ সপক্ষে মত প্রকাশ কৰে।মাত্র ২৫ শতাংশ পাকিস্তানী নাগৰিকেহে তালিবানৰ শাসনত সুখী নহয় বুলি সমীক্ষাটোত ব্যক্ত কৰাৰ বিপৰীতে ২০ শতাংশ অংশগ্রহণকাৰীয়ে এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে।

সমীক্ষাটোত অংশ লােৱা খাইবাৰ পখটুনখাৱা অঞ্চলৰ ৬৫ শতাংশ বাসিন্দাই তালিবান চৰকাৰৰ প্রতি সমর্থন ব্যক্ত কৰে। আনহাতে, বেলুচিস্তানৰ ৫৫ শতাংশ আৰু পঞ্জাব-সিন্ধ অঞ্চলৰ ৫৪ শতাংশ নাগৰিকে আফগানিস্তানত তালিবানৰ শাসনৰ পােষকতা কৰে।

এই সমীক্ষাত ৫৮ শতাংশ পুৰুষ আৰু ৩৬ শতাংশ মহিলাই কয় যে তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাত তেওঁলােকে আনন্দিত হৈছে।

Exit mobile version