বৰশীবিদ্ধ কাছৰ জীৱন উদ্ধাৰ : চিত্ৰলেখা উদ্যানৰ পুখুৰীত মুকলি

এসপ্তাহ পূৰ্বে এক সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা এটা কাছ একাংশ বন্যপ্ৰাণী প্ৰেমীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত সুস্থ হৈ উঠাৰ পাছত আজি প্ৰকৃতিৰ এই বিস্ময়কৰ প্ৰাণীটোক সুস্থ আৰু সুৰক্ষিত স্থানত মোকলাই দিয়া হয় । এই কাৰ্যই তেজপুৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী প্ৰেমীসকলক উৎফুল্লিত কৰিছে ৷

উল্লেখযোগ্য যে, প্ৰকৃতি আৰু বন্যপ্ৰাণী সুৰক্ষাৰে দীৰ্ঘদিন জড়িত সৌৰভ বৰকটকীয়ে যোৱা পাঁচ ছেপ্টেম্বৰৰ নিশা পদুম পুখুৰীৰ সমীপৰ পথত উদ্ধাৰ কৰা সৰুমুৰীয়া কাছটো আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত চিত্ৰলেখা উদ্যানৰ পুখুৰীত মোকলাই দিয়া হয় ৷ উল্লেখযোগ্য যে, এটা বৰশী গিলি থকা এই কাছটোক ছয় ছেপ্টেম্বৰত তেজপুৰত জ্যেষ্ঠ পশু চিকিৎসক তীৰথ সিঙে পৰীক্ষা কৰাৰ পাছত সাত ছেপ্টেম্বৰত কাছটোক বৰকটকীয়ে বন বিভাগৰ সহযোগত কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ নিয়ে আৰু এই কেন্দ্ৰত বন্যপ্ৰাণী চিকিৎসক ছামছুল আলিয়ে সেইদিনাই এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি প্ৰাগঐতিহাসিক যুগৰ প্ৰতিনিধি এই কাছটোৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে কাছটোৱে গিলা বৰশীটো বুকু পৰ্যন্ত গভীৰলৈ সোমাই গৈছিল ৷‌ ইয়াত কাছটোক পৰ্যবেক্ষণত ৰখাৰ পাছত আজি চিকিৎসক আলিয়ে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সহযোগীৰে স’তে সম্পূৰ্ণ সুৰক্ষিতভাৱে তেজপুৰলৈ আনে আৰু পুৱা ১০ বজাত চিত্ৰলেখা উদ্যানৰ প্ৰাকৃতিক পৰিৱেশত থকা বৃহৎ পুখুৰীত কাছটোক মোকলাই দিয়া হয় ৷

চিকিৎসক আলিৰ লগতে চিকিৎসক সিং, বিশিষ্ট শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মা, সমাজকৰ্মী পুস্পা ডেকা, তেজপুৰ সদৰ বনাঞ্চলিক বিষয়া মন্টু বৰাৰ উপস্থিতিত কাছটোক তাৰ প্ৰাকৃতিক আৱাসক্ষেত্ৰত এৰি দিয়া হয় ৷ সৰ্পবান্ধৱ আৰু প্ৰকৃতি গোটৰ সদস্যসকলে দুই বিশিষ্ট ব্যক্তি তথা চিকিৎসকদ্বয় আৰু বন বিষয়াগৰাকীক সম্বৰ্দ্ধনা জনায় ৷

বৰ্তমান বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কাছৰ দৰে এটা বিশেষ জীৱক এনেদৰে মৃত্যুৰ মুখৰ পৰা বছাই পুনৰ্জীৱন দান কৰি এনেদৰে মুকলি কৰা দিনটোক নিজৰ জীৱনৰ অন্যতম পৱিত্ৰ দিন বুলি অভিহিত কৰে সংস্কৃত পণ্ডিত তথা অৱসৰপ্ৰাপ্ত অধ্যাপক শৰ্মাই ৷ তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰনেত্ৰী পুস্পা ডেকা বৰকটকীয়ে বন্যপ্ৰাণীৰ সংৰক্ষণ তথা প্ৰকৃতি সুৰক্ষাৰ বাবে কৰি অহা কামক অতুলনীয় বুলি মন্তব্য কৰে ৷

আনহাতে, প্ৰতিটো বন্য জীৱক অস্ত্ৰোপচাৰ কৰাৰ বাবে প্ৰয়োগ কৰিবলগীয়া হোৱা সংজ্ঞানাশকৰ প্ৰয়োগৰ ব্যৱস্থা পৃথক বুলি মন্তব্য কৰি এই জটিল অস্ত্ৰোপচাৰৰে মৃত্যুমুখী কাছটোক নতুন জীৱন দান কৰিবলৈ সক্ষম হোৱা চিকিৎসক আলিয়ে বৰ্তমান কাছটো সম্পূৰ্ণ সুস্থ হৈ উঠা বুলি জানিবলৈ দিয়ে ৷

আনহাতে সৰ্পবান্ধৱ হিচাপে খ্যাত বৰকটকীয়ে তেজপুৰতো বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় এক্সৰে’কে ধৰি সকলো সুবিধাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে, এই সুবিধাসমূহ থাকিলে বহু বন্যপ্ৰাণীৰ জীৱন ৰক্ষা পৰিব ৷ আজি সকলোৱে বৰকটকী আৰু চিকিৎসক আলিৰ লগতে তীৰথ সিঙৰ কামক উচ্চ প্ৰশংসা কৰে ৷

উল্লেখ্য যে, সৰুমুৰীয়া কাছটোৰ ওজন প্ৰায় ছয় কিলোগ্ৰাম আৰু বয়স প্ৰায় আঠ বছৰ হ’ব বুলি প্ৰকাশ কৰিছে চিকিৎসক ছামছুল আলিয়ে ৷ প্ৰনিধানযোগ্য যে, চিত্ৰলেখা উদ্যানৰ এই বিশাল আৰু প্ৰাকৃতিক পুখুৰীটোত এই পৰ্যন্ত ১৮টা কাছ মোকলোৱা হৈছে ৷ ইয়াত কাছৰ বংশবৃদ্ধিৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি পুখুৰীটোৰ সুবিধাজনক পাৰত কিছু নদীৰ বালি পেলাবৰ বাবেও বন্যপ্ৰাণী চিকিৎসকে আহ্বান জনাইছে ৷

Exit mobile version