হালধি কেৱল ছালৰ বাবেই নহয়, ই হাৰ্ট আৰু কেঞ্চাৰ প্ৰতিৰোধ কৰাটো সক্ষম

0h5p521 turmeric

কেঁচা হালধিৰ গুণাগুণ আৰু উপকাৰিতাৰ বিষয়ে ভাৰতীয় সকল অজ্ঞাত নহয় । ভাৰতীয়সকলে এহেজাৰ বছৰতকৈও অধিক সময় ধৰি নিয়মীয়াকৈ হালধি খায় আহিছে । হালধি নিয়মীয়াকৈ ৰন্ধাত ব্যৱহাৰ কৰা হয় । কিন্তু বহুলোকে ইয়াক কেৱল ছালৰ লাভালাভৰ বাবে হে উপযোগী বুলি ভাবে। চিকিৎসকসকলৰ মতে কেঁচা হালধিৰ স’তে জালুক মিহলালে ইয়াৰ গুণ অপৰিহাৰ্য । ৰোগ প্ৰতিৰোধ কৰিবলৈও সক্ষম হালধি ।

ADVERTISEMENT

কৰ্কট ৰোগ প্ৰতিৰোধ কৰিবলৈ হালধিৰ গুণাগুণ অত্যাৱশ্যকীয়। এজন সুস্থ প্ৰাপ্তবয়স্কৰ লোকে ,জালুক মিহলি কৰি এক টুকুৰা হালধি খাব পাৰে। যদি আপুনি অত্যাধিক খাব বিচাৰে বা টাৰ্মেৰিক এক্সট্ৰেক্ট খাব বিচাৰে, নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওঁক।

কেঁচা হালধিয়ে কলেষ্টেৰল হ্ৰাস কৰাত, তেজ বিশুদ্ধ কৰাত সহায় কৰে। কেঁচা হালধিৰ সলনি, আপুনি এক দুই গ্ৰাম টাৰ্মেৰিক কাৰকিউমিন এক্সট্ৰেক্ট খাব পাৰে। চিকিৎসকে আলচাৰৰ পৰা পাকস্থলীৰ ৰোগ হ’লে নিয়মীয়াকৈ কেঁচা হালধি খোৱাৰ পৰামৰ্শ দিয়ে, যি চৰ্বিযুক্ত যকৃতক লাভান্বিত কৰে, হজম বৃদ্ধি কৰে। হালধি আৰু চন্দন নিয়মীয়াকৈ মুখত সানিলে মুখৰ কলা দাগ কমে।

বিশেষজ্ঞসকলৰ মতে,নিয়মীয়াকৈ কেঁচা হালধি গুৰি পানীত মিহলাই খালে উপকাৰ পোৱা যায়। নিয়মীয়াকৈ হালধি খালে হাৰ্ট ব্লকেজ দূৰ হয় ।স্কিনৰ উজ্বলতা ধৰি ৰাখিব পাৰে ।মগজু ভালে ৰাখে আৰু হজমত সহায় হয়।মধুমেহ নিয়ন্ত্ৰণ ৰাখে কেঁচা হালধীয়ে।কেৱল মধুমেহ নহয়,ওজন হ্ৰাস কৰাতো সহায়ক হালধি।হাৰ্ট সুস্থ ৰাখিবলৈ নিয়মিত খাওক কেঁচা হালধি।

Exit mobile version