ৰঙীন পোছাক, অনাবৃত মুখ, তালিবানৰ বোৰ্খা নীতিৰ অভিনৱ প্ৰতিবাদ আফগান মহিলাসকলৰ

Afghanistanculture 1

শৰীৰ ঢাকবিলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত পোছাকেই যথেষ্ট । বোৰ্খা এৰি তালিবানক সেয়াই বুজাই দিলে আফগান মহিলাসকলে । কিন্তু এইবাৰ কিছু অন্য প্ৰকাৰে । পৰম্পৰাগত আফগান পোছাকত নিজকে সজাই কেমেৰাৰ সন্মুখত থিয় হয় তেওঁলোকে । তাৰ পাছত নিজৰ ছবি তুলি প’ষ্ট কৰিলে সামাজিক মাধ্যমত । সেই ছবিৰ বিৱৰণত হেছটেগ দি তালিবানক উদ্দেশ্যি এটা সতর্কবার্তা লিখে —#DoNotTouchMyClothes অর্থাৎ ‘মোৰ পোছাকত হাত নিদিব’‌ ।

আফগানিস্তানৰ নতুন তালিবান চৰকাৰে ২৪ ঘণ্টা আগতেই ঘোষণা কৰিছিল, শ্বৰিয়তি আইন মানি বোৰ্খা পৰিধান কৰিয়ে মহিলাসকলে কামত যোগ দিব পাৰিবে । এই প’ষ্ট আৰু হেছটেগ তাৰেই প্রতিবাদ । এই অভিনৱ প্রতিবাদক লৈ আন্তর্জাতিক মহলতো আলোচনা চলিছে ।

দেওবাৰে নিশাৰ পৰাই আফগানিস্তানসহ বিশ্বৰ বিভিন্ন প্রান্তত থকা আফগান মহিলাসকলৰ পৰম্পৰাগত পোছাকৰ ছবি বিয়পি পৰিছে সামাজিক মাধ্যমত । সেই ছবিবোৰত দেখা গৈছে গেৰুৱা ঢাকখোৱা পোছাক পৰিধান কৰিছে আফগান মহিলাসকলে । পোছাকৰ হাতেও মণিবন্ধ ঢাকিছে । ৰঙীন পোছাক । মূৰত ৰঙীন ওৰণি । পৰম্পৰাগত পোছাকত মুখ নঢকাকৈয়ে ছবি তুলিছে আফগান মহিলাসকলে । ধূসৰ বা ক’লা বোৰ্খাৰ পৰিৱৰ্তে তেওঁলোকে বাছি লৈছে ৰং ।

দেওবাৰে ক’লা বোৰ্খাৰে মূৰৰ পৰা ভৰি পর্যন্ত ঢকা আফগান মহিলাসকলৰ এটা সমদলৰ ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল । ভিডিঅ’ত দেখা গৈছিল, হাতত তালিবানৰ পতাকা, বোৰ্খা পৰিধান কৰি তালিবানৰ সমর্থনত শ্লোগান দিছে শতাধিক মহিলাই । সামাজিক মাধ্যমত পোছাক-প্রতিবাদত তালিব মহিলাসকলে লিখে, ‘এয়া আমাৰ আফগান সংস্কৃতি । আমাৰ দেশৰ পৰম্পৰাগত পোছাক ৰঙীন আৰু সুন্দৰ । আগতে আপোনালোকে যি ছবি দেখিছিল সেয়া সত্য নহয় ।’

https://twitter.com/BreshnaTahrik/status/1437262908463878150?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1437262908463878150%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Funique-protest-against-burqa-order-of-taliban-afghanistan-women-posting-photo-in-traditional-attire-dgtl%2Fcid%2F1303460

তালিবানে ইমান দিনে আফগান মহিলাসকলক লৈ উদাৰনীতিৰ কথা প্রচাৰ কৰিলেও বাস্তৱত মহিলাসকলৰ বহু অধিকাৰ হস্তক্ষেপ কৰিছে । ইতিমধ্যে মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু কর্মক্ষেত্রত মহিলাসকলৰ বোৰ্খা পৰিধান কৰা বাধ্যতামূলক ঘোষণা কৰিছে নতুন তালিব চৰকাৰে । লগতে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মহিলা আৰু পুৰুষৰ শ্রেণীকোঠা পৃথক কৰাৰ প্রস্তাৱো দিয়া হৈছে ।

ইয়াৰ পূৰ্বে নিৰাপত্তাৰ অজুহাত দেখুৱাই মহিলাসকলৰ কর্মক্ষেত্রত যোগদানতো কিছু দিনৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছিল তালিবানে । আফগান মহিলাসকলৰ একাংশই জনায়, চাকৰি কৰিব দিলে তেওঁলোকে বোৰ্খা পৰিধান কৰাৰ চর্তও মানি ল’ব । এইবাৰ চাকৰিৰ অনুমোদনৰ লগতে বোৰ্খা পৰিধান কৰাৰ ফতৱা পায় সম্পূর্ণ ভিন্ন স্বৰ প্রকাশ্যত আহিল । আফগান মহিলাসকলৰ আন একাংশ‌ই জনায়, তালিবানে তেওঁলোকৰ পোছাকত হস্তক্ষেপ কৰাতো নিবিচাৰে তেওঁলোকে ।

Exit mobile version