দিনটোৰ ৰাশিফল

Horoscope 4 0 3

মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব। বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়াে সহায় কৰিব। ব্যৱসায়ত মধ্যম। পঢ়া-শুনাত বেয়া নহ’ব। সন্তানৰ শুভ।

বৃষ :কর্মক্ষেত্ৰত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো বাঞ্ছনীয়। বিদ্যার্থীৰ বাবে দিনটো শুভ। প্ৰেমত অস্থিৰতা থাকিব। চুটি ভ্রমণ হ’ব পাৰে।

মিথুন :আজি প্রায় দিশে কিছু হলেও ফৰকাল। বিদ্যাতাে তেনে বাধা দেখা নাযায়। কর্মস্থানত নিজৰ দায়িত্ব পালনত বাধা নাপাব। দাম্পত্যত মধ্যম ব্যৱসায়ত শুভ।

কর্কট :শাৰীৰিক দিশত বিশেষ শুভ বুলি কব নােৱাৰি। একাধিক কথাত মন বিক্ষিপ্ত থাকিব। গুৰুত্বপূৰ্ণ কামত প্রগতি নেদেখি কিছু অস্থিৰ হ’ব পাৰে। প্রেমত বাধা।

সিংহ: আজিৰ দিনটো প্রায় ফৰকাল। শৰীৰৰ বেয়া নাযাব। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। মনৰ মানুহৰ সান্নিধ্য লাভ। দাম্পত্যতাে বেয়া নহ’ব।

কন্যা : মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশশা অনুকূলে! কর্মস্থানত নিজৰ যযাগ্যতা প্রতিপন্ন কৰিব পাৰিব। আর্থিকত বেয়া নহ’ব। প্রেম- প্রীতিত আন্তৰিকতা।

তুলা :কর্মক্ষেত্ৰত বাধা কম পাব। ঘৰুৱা খেলিমেলিৰ পৰা কিছু উন্নতি। ভ্ৰমণত জটিলতা নাই। দাম্পত্যতাে শুভ। বিদ্যাত মধ্যম ফল পাব। প্ৰেমত হতাশা।

বৃশ্চিক: ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। দাম্পত্যতাে তেনে আভাস আছে। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে।

ধনুঃ আপােনাৰ স্বভাৱগত তেজস্বিতা কাৰাে আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। পিতৃ-মাতৃৰ বাবে সামান্যচিন্তা থাকিব। ব্যৱসায়ত মধ্যম।

মকৰ: কর্ম তৎপৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট। পৰা পক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।

কুম্ভ :কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। শৰীৰ মধ্যম। মূল কথাত মন দিয়ক, কৃতকার্য হ’বই। ভ্ৰমণৰ সম্ভাৱনা আছে।

মীন:কার্যকৰী সংযােগত অনুকূল। আর্থিকভাে আশাপ্রদ। কিন্তু সামায়িক উৎকণ্ঠা থাকিব। পঢ়াত মধ্যম। হঠাৎ কোনাে সমস্যাৰ সন্মুখীন হলেও দুশ্চিন্তা নকৰিব।

Exit mobile version