বাংগালুৰুৰ চুটি ছবি মহোৎসৱত গৌৰৱ কঢ়িয়ালে অসমৰ যুৱকে

Screenshot 162

বাংগালুৰুত অনুষ্ঠিত ভাৰতীয় চুটি ছবি মহোৎসৱত সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ এজন প্ৰতিভাৱান যুৱকে । উক্ত মহোৎসৱৰ পৰীক্ষামূলক শাখাত ‘ৰিভিজিটিং চলিহা’ নামৰ চুটি ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰিলে ইন্দ্ৰনীল গায়নে । প্ৰতিভাৱান পৰিচালকজনে আজি এই কথা সদৰী কৰে ।

উল্লেখ্য যে প্ৰথিতযশা গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ কে’বাটাও চুটিগল্পৰ চৰিত্ৰ আৰু ঘটনাক্ৰমসমূহত পুনৰ বিচাৰণৰ বিষয়বস্তুলৈ গৈ ইন্দ্ৰনীলে নিৰ্মাণ কৰিছিল ১৪ মিনিট ৩৩ ছেকেণ্ড দৈৰ্ঘ্যৰ চুটি ছবিখন । ছবিখনত ইন্দ্ৰনীলে অভিনয়ো কৰিছে । ছবিখনৰ লগত জড়িত থকা আনসকল হৈছে ভাস্কৰজ্যোতি বৰা, শুভ্ৰজিৎ দাস, বিশ্ববিদ্যুৎ দাস আৰু প্ৰাণজিৎ চাংমাই ।

ইন্দ্ৰনীলে জনায় যে, এই মহোৎসৱত দেশৰ প্ৰায় ৮০খন চুটি ছবিয়ে বিভিন্ন শিতানত মনোনয়ন লাভ কৰিছিল । তাৰ পৰা বিশেষজ্ঞ কমিটিয়ে ১৫ খন ছবিক বিভিন্ন শিতানত পুৰস্কৃত কৰিছে ।

উল্লেখ্য যে নগাঁও জিলাৰ পুৰণিগুদামৰ মুঢ়ানি গাঁৱৰ নিবাসী ইন্দ্ৰনীল এজন লেখকো । তেওঁ সম্প্ৰতি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰকল্প (সাঁচিপতীয়া পুথিৰ সংৰক্ষণ আৰু হেঙুল হাইতালৰ প্ৰস্তুতকৰণ)ৰ স’তে জড়িত আৰু কৰ্মৰত তেওঁ মহাপুৰুষ শংকৰদেৱৰ কৰ্মৰাজিৰ স’তে নিয়োজিত হৈ থকা সংস্থা ‘ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ কাৰ্যবাহী সদস্য তথা আন এক বুৰঞ্জীমূলক গৱেষণা প্ৰকল্পৰ ৱেবছাইট ‘ভিণ্টেজ আছাম’ আৰু ‘ইনটাক’ অসমত নিয়োজিত কৰ্মদলৰ এজন সদস্য । ইন্দ্ৰনীলে ৰচনা কৰা গল্প-কবিতা-প্ৰৱন্ধ বিভিন্ন আলোচনী-কাকত আদিত প্ৰকাশিত হোৱাৰ উপৰি কবিতা ইংৰাজী আৰু বাংলা ভাষালৈ অনুদিত হৈছে । সাহিত্য একাডেমীৰ দ্বাৰা আয়োজিত যুৱ লেখক সন্মিলন, ‘যুৱা সহিতি’, আৰু ‘মুলাকাত’ অনুষ্ঠানতো ইন্দ্ৰনীলে অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰিছে ।

Exit mobile version