সৰ্ব্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকাত প্ৰথম স্থান দখল কৰা ১৮জন

JEE Exam PTI

জয়েন্ট এন্ট্রেন্স মেইন পৰীক্ষাত চলিত বৰ্ষত ১৮ জন পৰীক্ষার্থীয়ে প্রথম স্থান দখল কৰিছে । ইঞ্জিনিয়াৰিঙত ভর্তিৰ সর্বভাৰতীয় এই প্রৱেশিকা পৰীক্ষাত ১০০ শতাংশ নম্বৰ লাভ কৰিছে মুঠ ৪৪ জনে । মঙলবাৰে নিশা কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে ।

ইঞ্জিনিয়াৰিং শাখাত ভর্তিৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ প্রবেশিকা পৰীক্ষা এইটো । চলিত বৰ্ষত বিভিন্ন পৰ্যায়ত এই পৰীক্ষা অনুষ্ঠিত কৰা হয় । পৰীক্ষার্থীসকলে যাতে নম্বৰ বঢ়োৱাৰ সুযোগ পায় তাৰ বাবে প্রথমবাৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইংৰাজী, হিন্দী, গুজৰাতি, অসমিয়া, বাংলা, কন্নড়, মালয়ালাম, মৰাঠি, ওড়িয়া, পঞ্জাৱি, তামিল, তেলুগু আৰু উর্দু এই ১৩টা ভাষাত জয়েন্ট এন্ট্রেন্স মেইন পৰীক্ষা‌ অনুষ্ঠিত কৰা হয় । পৰীক্ষাত প্রায় ন লাখ ৩৪ হেজাৰ পৰীক্ষার্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত প্রথম হৈছে ১৮ জন ।

এই ১৮ জন প্রথম স্থানাধিকাৰী হ’ল গৌৰৱ দাস (কর্নাটক), বৈভৱ বিশাল (বিহাৰ), দুগ্গিনেনি ভেঙ্কট পনীশ (অন্ধ্রপ্রদেশ), সিদ্ধান্ত মুখোপধ্যায়, অংশুল বর্মা, মৃদুল আগৰৱাল (ৰাজস্থান), ৰুচিৰ বনশল আৰু ৰাব্য চোপড়া (দিল্লী), অমিয় সিংঘল আৰু পল আগৰৱাল (উত্তৰপ্রদেশ), কোম্মা শৰন্যা আৰু জয়সুলা ভেঙ্কট আদিত্য (তেলংগানা), পাছালা বীৰ শিৱা, কৰনম লোকেশ আৰু কাঞ্চাপল্লি ৰাহুল নাইডু (অন্ধ্রপ্রদেশ), পুলকিত গয়েল (পঞ্জাৱ) আৰু গুৰামৰিত সিং (চণ্ডীগড়)‌ ।

Exit mobile version