অভিনয় জগতৰ পৰা চিৰ বিদায় অৰুণা ইৰানিৰ ! কাৰণ নিজে জনালে অভিনেত্ৰীগৰাকীয়ে

hgt48p0g aruna

বলীউড আৰু হিন্দী টেলিভিছনৰ জগতৰ বিখ্যাত আৰু জনপ্ৰিয় অভিনেত্ৰী অৰুণা ইৰানি। কিন্তু দীৰ্ঘদিন ধৰি কামৰ পৃথিৱীত দেখা পোৱা নাই অভিনেত্ৰীগৰাকীক।

বহুদিন ধৰি তেওঁক কোনো চলচ্চিত্ৰ বা ধাৰাবাহিকত দেখা পোৱা নাই । কিন্তু কিয়? শেহতীয়াকৈ এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত অভিনয়ৰ পৰা দূৰত যোৱাৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে।

৭৫ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছিল যে তেওঁ কিয় বৰ্তমানৰ বাবে অভিনয় জগতৰ পৰা বহু দূৰত আছে।

অৰুণা ইৰানিয়ে কয় যে তেওঁ বৰ্তমান কৰ’না মহামাৰীৰ বাবে অভিনয় জগতৰ পৰা আঁতৰি আছে আৰু একে সময়তে, অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁৰ পৰিয়ালৰ কোনেও নিবিচাৰে,এই অতিমাৰীৰ সময়ত তেওঁক কামলৈ পঠিয়াবলৈ

সাক্ষাৎকাৰটোত তেওঁ কয়, ‘মাজে মাজে অনুভৱ হয়,মই নতুনকৈ কাম আৰম্ভ কৰা উচিত । কিন্তু প্ৰাণৰ ভয়ত নতুন কামৰ পৰা আঁতৰি আছোঁ। আনকি মোৰ পৰিয়ালেও মোক কাম নকৰিবলৈ হেঁচা দিছে আৰু মই তেওঁলোকৰ স’তে সম্পূৰ্ণৰূপে সন্মত, কিয়নো তেওঁলোকে মোৰ বাবে ভাবে। ‘

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘পৰিয়ালটোৱে ভাবে যে মই দীৰ্ঘদিন ধৰি বহুত কাম কৰিছো। এতিয়া মোৰ অলপ জিৰণি লোৱাৰ প্ৰয়োজন, যিটো মইও সঠিক বুলি ভাবো। কিন্তু কেতিয়াবা ঘৰত বহিবলৈ বহুত আমনি লাগে’। অৰুণা ইৰানিয়ে বলীউডৰ চুপাৰহিট অনিল কাপুৰৰ ‘বেটা’ত তেওঁৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

তেওঁ লগতে কয়, ‘স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ আমাক সময় লাগিব। লগতে ছেটলৈ ঘূৰি আহিবলৈ। মোৰ বয়সৰ বিষয়ে চিন্তা কৰি, মই ভাবো মই এই সময়ত কামলৈ ঘূৰি আহিব নালাগে’।

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ বহুতো নতুন কামৰ সুযোগ পাইছে। কিন্তু তেওঁ অহা ডিচেম্বৰ লৈকে কোনো নতুন কামৰ হাত দিয়া নাই। তেওঁ দাবী কৰে, ‘মোৰ বহুত কাম আছে, কিন্তু মই এতিয়া কোনো কামতে হাত নিদিওঁ। অন্ততঃ এই বছৰৰ ডিচেম্বৰ লৈকে। মই এতিয়া কোনো অনুষ্ঠান বা ছবিত স্বাক্ষৰ কৰা নাই।

অৰুণা ইৰানিয়ে বেটাৰ বাহিৰেও বলীউডৰ কে’বাখনো চলচ্চিত্ৰত কাম কৰিছে। তেওঁৰ বোম্বাই টু গোৱা, লাভ, লাডলা, ৰাজা বাবু, লাৱাৰিছৰ দৰে অসংখ্য হিট ছবি আছে। তেওঁ বহুতো দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।

Exit mobile version