চৰকাৰে ছুটি দিয়ে, মালিকপক্ষই নিদিয়ে

মানাহৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ তথা বাগসাৰ শালবাৰীৰ বাঁহবাৰীস্থিত ফাতেমাবাদ চাহ বাগিচাত বাগিচাখনৰ মালিকপক্ষই চাহ শ্ৰমিকসকলক ১৭ ছেপ্টেম্বৰত পালন কৰা কৰম পূজাৰ দিনটোত ছুটি নিদিয়াৰ বাবে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীসকলে মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

বাগিচাৰ চাহ শ্ৰমিক কৰ্মচাৰীসকলে আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত মালিকপক্ষ হুঁচিয়াৰ, মালিকপক্ষ হায় হায়, কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে, আছা জিন্দাবাদ, উই ৱাণ্ট লিগেল ডিমাণ্ড আদি শ্লোগানেৰে মানাহপৰীয়া পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে প্ৰতি‌ বছৰে বাগিচাখনৰ মালিক কৰ্তৃপক্ষই কৰম পূজাৰ দিনটোত শ্ৰমিকসকলক ছুটি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে বাঁহবাৰী আদিবাসী আঞ্চলিক ছাত্ৰ সন্থাই । এইবাৰ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ ঘোষণা হৈছে যদিও বাগিচাখনৰ শ্ৰমিকসকলে ছুটি নোপোৱাত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে ৷ এইফালে আদিবাসী ছাত্র সন্থাই অনাগত সময়ত কৰম পূজাৰ দিনটোত ফাতেমাবাদ চাহ বাগিচাখনৰ উপৰিও অসমৰ সকলো চাহ বাগিচাৰ শ্ৰমিকসকলক ছুটি দিবলৈ দাবী উত্থাপন কৰে ।

Exit mobile version