কলগাছিয়াৰ ক্ষুদ্ৰখোৱাত আই আৰু মানাহ নৈৰ বিধ্বংসী গৰাখহনীয়া

চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সমূহীয়া আত্ম জাহ দিয়াৰ ভাবুকি সৰ্বস্বান্ত লোকৰ

বিগত দুমাহত জনীয়া সমষ্টিৰ ক্ষুদ্ৰখোৱা আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ সন্তোষপুৰ গাঁৱৰ ৬৫ টা পৰিয়ালৰ ঘৰ, মাটি, ভেটি, খেতি-পথাৰ সম্পূৰ্ণভাৱে আই আৰু মানাহ নদীৰ বিধ্বংসী গৰাখহনীয়াত জাহ গৈছে । সমাজসেৱক নুৰুল হকৰ এডোখৰ ঠাইত সৰ্বস্বান্ত ৬৫ টা পৰিয়ালে কেম্প পাতি নৰক যন্ত্ৰণাত অনিদ্ৰা ৰজনী কটাইছে । কেম্পটোত নাই বিশুদ্ধ খোৱাপানী, খাদ্য, শৌচাগাৰ আৰু দৰৱ ।

চৰকাৰে দুই কেজি চাউল যোগান ধৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ ভুক্তভোগী খহনীয়াগ্ৰস্ত ৰাইজৰ । গাঠিৰ ধন খৰচ বাঁহৰ পাৰকুপাইনেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে । চৰকাৰৰ ওচৰত গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকে পুনৰ সংস্থাপনৰ দাবী জনাইছে । চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে খহনীয়াগ্ৰস্ত ৬৫ টা পৰিয়ালে আই আৰু মানাহ নদীত সমূহীয়া আত্ম জাহ দিয়াৰ ভাবুকি প্ৰদান কৰিছে ।

Exit mobile version