চিথিলাত আক্রাছুৰ পশ্চিম কোকৰাঝাৰ জিলাৰ প্ৰতিনিধি সভা অনুষ্ঠিত

WhatsApp Image 2021 09 19 at 6.59.15 PM

কোকৰাঝাৰ জিলাৰ চিথিলাৰ সমূহীয়া ভৱনত সদৌ কোচৰাজবংশী ছাত্র সন্থা চমুকৈ আক্রাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্দ্যোগত আৰু চিথিলা আঞ্চলিক আক্রাছুৰ সহযোগত পশ্চিম কোকৰাঝাৰ জিলাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয় । উক্ত সভাত উপস্থিত থাকে আক্রাছুৰ কেন্দ্রীয় সভাপতি দ্বীপেন ৰায়, সম্পাদক সঞ্জয় ৰায়, প্ৰাক্তন সভাপতি অৰূণ কুমাৰ ৰায়, সহ সম্পাদক মনোজ কুমাৰ ৰায়, মুখ্য সাংগঠনিক সম্পাদক পুলকেশ ৰায়ৰ লগতে বিভিন্ন আঞ্চলিকৰ প্ৰতিনিধিসকল । আজিৰ সভাত সভাপতিত্ব কৰে অকন ৰায়ে ।

ইপিনে, আজিৰ প্ৰতিনিধি সভাতেই নতুনকৈ আক্রাছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিখন গঠন কৰে । সভাপতি ৰাধেশ্যাম ৰায় (ৰতন) আৰু সাধাৰণ সম্পাদক মনোৰঞ্জন ৰায়ক লৈ মুঠ ৩১ জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰে । আজিৰ প্ৰতিনিধি সভাত উপস্থিত থাকি আক্রাছুৰ কেন্দ্রীয় সভাপতি দ্বীপেন ৰায়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয়, ‘মই জিলা সমিতিৰ পৰা ইউনিট সমিতিলৈ শক্তিশালী কৰাৰ পৰিকল্পনা হাতত লৈছো ।’

লগতে আৰু কয় যে অহা কালি দিছপুৰত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী আছে তাৰ পাছতো যদি চৰকাৰে কোচৰাজবংশীসকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ ক্ষেত্রত অলপো কাম আগনাবাঢ়ে তেনেহ’লে আমি ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম ।

ইপিনে, দ্বীপেন ৰায়ৰ গোটটোকে সদৌ কোচৰাজবংশী ছাত্র সন্থা চমুকৈ আক্রাছুৰ মূল গোট বুলি দাবী কৰে আক্রাছুৰ প্ৰাক্তন কেন্দ্রীয় সভাপতি অৰূন কুমাৰ ৰায়ে ।

Exit mobile version