জনধন সম্পৰ্কীয় নজনা কথাবোৰ

অ'ভাৰডাফ্টৰ সুবিধা পাইছেনে আপুনি

download 2

জনধন একাউণ্টৰ বিষয়ে কোনেনাে নাজানে? ধূল-মূলকৈ হ’লেও আমি সকলােৱে জানাে যে দেশৰ নিম্নবিত্ত শ্ৰেণীৰ উপভােক্তাই এটকাও বেলেঞ্চ নৰখাকৈয়ে একাউন্ট খােলাৰ সুবিধা লাভ কৰে প্রধানমন্ত্রী জনধন আঁচনিৰ আওতাত। পিছে এই একাউণ্টৰ এনে বহু সুবিধা বা উল্লেখনীয় দিশ আছে যাক আমি ভালদৰে নাজানাে বাবে এইসমূহৰ লাভ গ্রহণ কৰিব পৰা নাই আজিও আহকচোন জানাে সেই বিষয়ে—

★আপােনাৰ যদি এটা জনধন একাউন্ট আছে তেন্তে একাউণ্টটোত আপুনি এটকাও বেলেঞ্চ নৰখাকৈয়ে সর্বাধিক পাঁচ হেজাৰ টকা পর্যন্ত উলিয়াব পাৰিব প্রয়ােজনৰ সময়ত।

★জনধন একাউণ্টৰ গ্ৰাহকৰ বাবে অলপতে এই ধৰণৰ অভাৰ ড্রাক্টৰ সুবিধা ঘােষণা কৰা হৈছে।

★এই অ’ভাৰ ড্ৰাৰ্টৰ সুবিধা গ্রহণ কৰিবলৈ হ’লে প্রথমেই আপুনি আপােনাৰ একাউণ্টৰ লগত আধাৰ নম্বৰ সংযােগ কৰিব লাগিব।

★এটকাও বেলেঞ্চ নথকাকৈ পাঁচ হেজাৰ টকাৰ অভাৰ ড্রাফ্ট পাবলৈ হলে একাউন্টধাৰীয়ে অতি কমেও ছমাহ পর্যন্ত পর্যাপ্ত বেলেঞ্চ ৰখাৰ লগতে লেনদেন সক্রিয় কৰি ৰখাটো বাধ্যতামূলক। লগতে থাকিব লাগিব ডেবিট কার্ড। অন্যথা এই সুবিধা উপভােগ্য নহ’ব।

★উল্লেখ্য যে জনধন আঁচনিৰ আওতাত এটা ১০ বছৰীয়া শিশুৱেও একাউন্ট খুলিব পাৰে। ইয়াতাে অৱশ্যে আধাৰ সংযােগ কৰাটো বাধ্যতামূলক কৰা হৈছে।

Exit mobile version