খাদ্যৰ বাবে হাহাকাৰ আফগানিস্তানত,কাবুলত অনাহাৰে মৃত্যুৰ শংকা

afghanistan food shortage 1629084181495 1629084189770

তালিবানে পুনৰ কাবুল দখল কৰাৰ পাছত আফগানিস্তানৰ নাগৰিকসকলৰ দুদৰ্শৰ অন্ত নপৰা হৈছে। গৃহযুদ্ধ বিধ্বস্ত দেশখনৰ সৰহসংখ্যক নাগৰিকৰ হাতত নগদ ধন নথকাৰ ফলত বৰ্তমানৰ পৰিস্থিতিত দুবেলা দুসাঁজ যােগাৰ কৰাটো কঠিন হৈছে।

এনে পৰিস্থিতিত অনাহাৰে থকাৰ পৰা ৰক্ষা পাবলৈ দেশখনৰ বহু নাগৰিকে নিজৰ সা-সম্পত্তি বিক্ৰী কৰিবলৈ বাধ্য হৈছে। প্রকাশিত বাতৰি অনুসৰি, কাবুলৰ চমন এ হুজুৰি উদ্যানৰ পথত কে’বাজনাে লােকে নিজৰ ঘৰত থকা ফ্রিজ, টেলিভিছন, টিভি, ৱাশ্বিং মেচিন আদি ৰাজপথৰ কাষত ৰাখি বিক্ৰীৰ বাবে ক্রেতাৰ সন্ধান কৰিছে।

পৰিয়ালৰ লােকক দুবেলা দুসাঁজ আহাৰ যােগান ধৰিবলৈ প্রয়ােজনীয় ধন সংগ্রহ কৰিবলৈ এইদৰে বহু লােকে নিজৰ সা-সম্পত্তি বিক্ৰীৰ বাবে আগবঢ়াইছে।

গ্রাহকৰ অভাৱত একাংশ লােকে এক লাখ টকা মূল্যৰ সম্পত্তি মাত্র ২৫ হেজাৰ টকাতে বিক্ৰী কৰিবলগা হৈছে। তালিবানে দেশখন দখল কৰাৰ পাছৰে পৰা আফগানিস্তানত ইন্ধনৰ লগতে খাদ্য দ্রব্যৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে।

এবটল পানীৰ মূল্য ৪০ ডলাৰ অর্থাৎ তিনি হেজাৰ টকালৈকে বৃদ্ধি পাইছে। উল্লেখ্য যে এমাহ পূর্বে তালিবানে আফগানিস্তান পুনৰ দখল কৰাৰ পাছৰে পৰা এই অৱর্ণনীয় পৰিস্থিতি দেশখনত বাহাল আছে।

Exit mobile version