যিবোৰ গুণৰ বাবে ঘিঁ খাব লাগে

homemade ghee

গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা বিশুদ্ধ ঘিঁৰ গুণ বৰ্ণনা কৰা অন্ত পৰিব নোৱাৰি । ইয়াত ভিটামিন ‘এ’ ‘ই’ আৰু ‘কে’ থাকে । তদুপৰি এছেনচিয়েল ফেটী এচিডো পোৱা যায় । এইবিধ উপাদানে কোষৰ স্বাভাৱিক কাম-কাজ অব্যাহত ৰখাত সহায় কৰে ।

● শৰীৰত উৎপন্ন হোৱা ফ্ৰী ৰেডিকেলৰ পৰা হ’ব পৰা যিকোনো ক্ষতি প্ৰতিৰোধ কৰিব পাৰে ঘিঁত থকা বিভিন্ন উপাদানে ।
● ঘিঁত থকা উপাদানে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে । ইয়াত থকা লিনোলেছিক এচিডে কৰ্কট প্ৰতিৰোধ কৰে ।
● আৰ্থাইটিছ আৰু সন্ধিস্থলীতে হোৱা প্ৰদাহ উপশমত ভিটামিন ‘ডি’ আৰু ‘অ’ মেগা-৩ ফেটী এচিডে সহায় কৰে । আনহাতে, খাদ্যত থকা কেলছিয়াম শোষণত সহায় কৰে ঘিঁত থকা উপাদানে ।
● লেক্টোজ ইনটলাৰেন্স বা গাখীৰ খোৱাৰ সমস্যা থকা সকলে কিন্তু ঘিঁ খাব পাৰে ।
● কোষ্ঠ-কাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পাৰি ঘিঁ খাব লাগে ।
● শৰীৰত হৰম’ণৰ ভাৰসাম্য ৰক্ষা কৰাৰ সহায় কৰে ।
● ঘিঁত এনে কিছু উপাদান আছে যিয়ে এণ্টিভাইৰেল আৰু এণ্টি ফাংগেল হিচাপে কাৰ্য সম্পাদন কৰে ।
● যদিও ঘিঁত ক’লেষ্টৰেলৰ পৰিমাণ বেছি তথাপি ইয়াৰ এছেনচিয়েল ফেটী এচিড আৰু ফেটচেলুবল ভিটামিনৰ গুণ সমৃদ্ধ বাবে বিপাক প্ৰক্ৰিয়াত সহায় কৰে ।
● দৃষ্টিশক্তি ভালে ৰখাটো সহায় কৰে ।
●ঘিঁ লেক্টোজফ্ৰী খাদ্য বাবে সকলোৱে খাব পাৰে ।
● ই হ’ল দ্ৰৱণীয় চৰ্বি ।
● ইয়াত প্ৰচুৰ পৰিমাণে এমিনো এচিড থাকে ।
● ঘিঁ খালে শৰীৰত অতিৰিক্ত চৰ্বি-সহজে জমা নহয় ।
● ইয়াত ওমেগা-৩ ফেটী এচিড থকা বাবে স্মৃতিশক্তি সতেজ হৈ থকাত সহায় হয় ।

Exit mobile version