সময়ে ক’ব, আয়কৰ ফাঁকিৰ প্ৰসংগত মুখ খুলিলে ছনু ছুদে

sonu sood 1632114561284 1632114561467

আয়কৰ ফাঁকি দিয়াৰ অভিযোগ সম্পৰ্কত মুখ খুলিলে ছনু ছুদে । এটা বিবৃতি জাৰি কৰি নিজৰ বক্তব্য জনালে অভিনেতাজনে ।

তেওঁ টুইটাৰত লিখে, ‘সকলো সময়তে তুমি নিজৰ কথা ক’ব নালাগে । সময়ে ক’ব ।’ দুঃসময়ত মানুহক সহায় কৰাৰ সংকল্পত তেওঁ এতিয়াও অটল । ভৱিষ্যতেও একেই কাম কৰি যাব বুলি জনায় ছনুৱে । কিছুদিন পূৰ্বে আয়কৰ বিভাগে জনাইছিল, ছনুৰ স্বেচ্ছাসেৱী সংস্থাৰ একাউন্টত ১৮ কোটি টকা আছিল । ইয়াৰে এক কোটি ৯০ লআখ টকা সেৱামূলক বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হৈছে । বাকী টকা এই পর্যন্ত আছে‌ ।

বিভিন্ন ঠাইৰ পৰা আর্থিক সাহায্য পোৱাৰ বিষয়ত ছনুৱে লিখে, ‘বহু সময়ত মই নানান ব্ৰেণ্ডক কৈছো মোৰ পাৰিশ্রমিক সেৱামূলক কামত দান কৰিবলৈ । এনেদৰেই আমি আগবাঢ়ি গৈছিলো । বিগত চাৰিদিন ধৰি কিছুসংখ্যক অতিথিৰ স’তে ব্যস্ত আছিলো । মই পুনৰ আপোনালোকৰ সেৱা কৰিবলৈ ঘূৰি আহিছো । গোটেই জীৱন আপোনালোকৰ সেৱাত নিয়োজিত থাকিম ।’

https://twitter.com/SonuSood/status/1439812368830140419?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1439812368830140419%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Fsonu-sood-responds-after-income-tax-department-says-he-evaded-rs-20-crore-in-taxes-2546806

আয়কৰ বিভাগৰ বিবৃতিত জনোৱা হৈছিল, নিজৰ স্বেচ্ছাসেৱী সংস্থাৰ বাবে বিদেশৰ পৰাও দুই কোটি ১০ লাখ টকা সংগ্রহ কৰিছিল ছনুৱে । যি ভাৰতীয় আইনত নিষিদ্ধ । তেওঁৰ বিৰুদ্ধে ২০ কোটি টকাৰো অধিক আয়কৰ ফাঁকি দিয়াৰ অভিযোগ কৰা হৈছে । কিন্তু সোমবাৰে বিবৃতি জাৰি কৰি ছনুৱে বুজাই দিছে, তেওঁৰ বিৰুদ্ধে এই অভিযোগত তেওঁ বিশেষ বিচলিত নহয় । কৰ’না অতিমাৰীৰ আৰম্ভণিৰ পৰা তেওঁ যি কৰি আহিছিল, ভৱিষ্যতেও কৰি যাব । বিবৃতিৰ শেষ ভাগত তেওঁ লিখিছে, ‘তুমি ভাল কৰিলে, তোমাৰ ভাল হ’ব । যাৰ শেষ ভাল, তাৰ সকলো ভাল ।’

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ছনু ছুদৰ টুইটৰ প্ৰতি সঁহাৰি জনায় ।

Exit mobile version