আই পি এলক ইছলামবিৰোধী আখ্যা তালিবানৰ

আফগানিস্তানত নিষিদ্ধ কৰিলে টি-২০ লীগখনৰ সম্প্ৰচাৰ

New Project 2021 09 20T140917.234

ইতিমধ্যেই সংযুক্ত আৰব আমিৰশ্বাহিত আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চতুৰ্দশ সংস্কৰণৰ দ্বিতীয় পৰ্ব । ক’ভিডৰ বাবে আধাতে বন্ধ হৈ থকা লোভনীয় অৰ্থসম্বলিত টি-২০ লীগখন কালিৰে পৰা আৰম্ভ হৈছে । ভাৰতৰ উপৰি বিশ্বৰ বহুতো দেশত আইপিএলৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হৈছে । ইয়াৰ মাজতে আফগানিস্তানত আইপিএলৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে তালিবানে । ইছলামবিৰোধী কাৰ্যকলাপৰ বাবেই তালিবানে এই নিষেধাজ্ঞা আৰোপ কৰিছে ।

উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পূৰ্বেই আইপিএল ক’ভিডৰ বাবে বন্ধ ৰখা হৈছিল । সেয়ে প্ৰথম পৰ্বত প্ৰতিযোগিতাখন সন্ত্ৰাসবাদী দলটোৰ ৰোষত পৰা নাছিল । ইতিমধ্যে আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা তালিবানে ক্ষমতালৈ অহাৰ পাছৰে পৰা একাধিক ফতোৱা জাৰি কৰিছে । ইয়াৰে নৱতম সংযোজন আইপিএল । লীগৰ সম্প্ৰচাৰত ইছলাম বিৰোধী বিষয়সমূহ প্ৰদৰ্শন কৰাৰ বাবেই এনে কঠোৰ সিদ্ধান্ত লোৱা হৈছে ।

এই সন্দৰ্ভত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ মিডিয়া মেনেজাৰ ইব্ৰাহিম ম’মান্দে টুইটাৰত লিখিছে, ‘আফগানিস্তানৰ জাতীয় ৰেডিঅ’ আৰু টেলিভিছনত আইপিএল সম্প্ৰচাৰ নকৰে তালিবান চৰকাৰে । ইছলাম বিৰোধী নানা বিষয়, যেনে নাৰীৰ নাচ-গান আৰু খোলা চুলিৰে নাৰীৰ উপস্থিতি প্ৰদৰ্শন বন্ধ কৰা হৈছে ।’

Exit mobile version