উত্তৰ-পূব ভাৰতক অচিৰে ড্ৰাগছৰ ঘাটি কৰিব গুৱাহাটী বিমান বন্দৰৰ ‘মালিক’ আদানীয়ে !

প্রধানমন্ত্রী মােডীৰ বণিয়া বন্ধু আদানীৰ মালিকানাধীন গুজৰাটৰ মুদ্ৰা জাহাজ বন্দৰত ধৰা পৰিল ৯০০০ কোটি টকাৰ 'হেৰ'ইন’

mundra 202109691509 202109251720

গুজৰাটৰ কুটছৰ নিকটৱর্তী মুন্দ্রা জাহাজ বন্দৰত কালি মুঠ ৩০০০ কিল’গ্রাম ‘হেৰ’ইন’জব্দ কৰা হৈছে, তথ্য অনুসৰি জব্দ কৰা ‘হেৰ’ইন’খিনিৰ বজাৰ মূল্য ৯০০০ কোটি টকা ।

আফগানিস্তানৰ পৰা আমদানি কৰি ভাৰতলৈ অনা এই নিষিদ্ধ ড্রাগছৰ বিশাল ভাণ্ডাৰ কালি, ২০ ছেপ্টেম্বৰ তাৰিখে অতর্কিতে অভিযান চলাই জব্দ কৰিছে।

‘ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইন্টেলিজেন্স’ আৰু ‘আবকাৰী শুল্ক বিভাগৰ বিষয়াসকলে। এতিয়ালৈকে দেশত ইমান বিশাল পৰিমাণৰ চোৰাং ‘হেৰ’ইন’ ধৰা পৰাৰ এইটোৱেই আটাইতকৈ ডাঙৰ ঘটনা।

আটাইতকৈ ডাঙৰ কথাটো হ’ল যে গুজৰাটৰ ব্যক্তিগত খণ্ডৰ এই মুদ্রা জাহাজ বন্দৰৰ মালিক হ’ল দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ ‘অতি আদৰৰ’ বণিয়া গৌতম আদানী। মােডীৰ ৰাজত হেজাৰ হেজাৰ কোটিৰ মালিক হৈ পৰা এই কুখ্যাত বণিয়া আদানীৰ হাততে অসমৰ ৰাইজৰ তুমূল আপত্তিকো নেওচি বি জে পি চৰকাৰে পানীৰ দৰত ৫০ বছৰলৈ ‘লীজত তুলি দিছে গুৱাহাটীৰ লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ।

আজি এই অভিযােগ তুলিছে অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র মনজিত্ মহন্তই। শ্রীমহন্তই আজি প্রকাশ কৰা এক বিবৃতিত কয় যে কেৱল টকাৰ বাবে সকলাে নিলাম কৰিব জনা প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে অসমৰ সৰ্বস্তৰৰ ৰাইজৰ প্রতিবাদৰ পাছতাে কেৱল ‘গােপন অংক’ত এনে এজন বণিয়াৰ হাতত দেশৰ সংহতি
আৰু নিৰাপত্তাক গভীৰ সংকটৰ মাজলৈ ঠেলি দি লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰক তুলি দিছে।

ইয়াৰ পৰিণতি অচিৰে ভূগিবলৈ সাজু হৈ থাকক নৰেন্দ্ৰ মােদী আৰু তেওঁৰ অসমৰ দুই মূল এজেন্ট’ বি জে পিৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মা।

আদনীৰ মালিকানাধীন ‘আদানী প’র্ট কোম্পানী’ৰ অধীনৰ মুদ্ৰা জাহাজ বন্দৰত ইমান বৃহত্ পৰিমাণৰ চোৰাং “হেৰ’ইন’ ধৰা পৰাটোৱেই এতিয়া প্রমাণ কৰিছে – এইজন বণিয়া দেশৰ নিৰাপত্তাৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে।

“এনে এজন তৰল, টকাৰ বাবেই সর্বস্ব কৰিব পৰা বণিয়াৰ হাতত বাংলাদেশ, চীন, ম্যানমাৰ, ভূটান, নেপালৰ দৰে বিদেশী ৰাষ্ট্ৰই ঘেৰি থকা অসম তথা উত্তৰ-পূৱৰ আটাইতকৈ ডাঙৰ আৰু স্পর্শকাতৰ এটা লাভজনক বিমান বন্দৰ সুদীর্ঘ ৫০ বছৰলৈ তুলি দিয়াৰ আঁৰত নৰেন্দ্ৰ মােদীৰ গভীৰ ষড়যন্ত্র আছে বুলি আমি এতিয়া সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ”এই মন্তব্য মহন্তৰ।

গুৱাহাটী বিমান বন্দৰৰ ৰাণ-ৱে’টো অসামৰিক বিমান পৰিবহনৰ উপৰি ভাৰতীয় বিমান বাহিনীৰাে ৰাণ-ৱে হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। দেশৰ নিৰাপত্তাৰ সৈতে জড়িত এটা বিষয়ক ইমান উপৰুৱা দৃষ্টিৰে চাব পৰা এগৰাকী প্রধানমন্ত্রী আচলতে সমগ্র দেশৰ বাবেই অতি-বিপজ্জনক।

“আমি আদানী পৰ্টৰ মুদ্ৰা জাহাজ বন্দৰেৰে দেশলৈ কেৱল কালিয়েই যে এনেদৰে ভয়ংকৰ হেৰ’ইন’ৰ বাকচ কঢ়িয়াই অনা হৈছিল সেই কথা বিশ্বাস কৰিবলৈ টান পাইছোঁ। আমি এই ঘটনাৰ পুংখানুপুংখ আৰু উচ্চ-পর্যায়ৰ তদন্ত দাবী কৰিছোঁ আৰু গুৱাহাটী বিমান বন্দৰকে ধৰি দেশৰ ছটাকৈ বিমান বন্দৰ ড্ৰাগছৰ সৰবৰাহত সহযােগিতা কৰা এগৰাকী দেশদ্রোহীৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ”বুলিও শ্রীমহন্তই কয়।

Exit mobile version