Narendra Giri Death Case:আখৰা পৰিষদ প্ৰধান নৰেন্দ্ৰ গিৰিৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তিনিজন শিষ্যক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

sage22

অখিল ভাৰতীয় আখাৰা পৰিষদৰ প্ৰধান নৰেন্দ্ৰ গিৰিৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁৰ তিনিজন শিষ্যক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰে এজন তেওঁৰ প্ৰধান শিষ্য আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

সোমবাৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উদ্ধাৰ কৰা হয় নৰেন্দ্ৰৰ মৃতদেহ । আৰক্ষীয়ে প্ৰাথমিক অনুমানত এইয়া আত্মহত্যা বুলি সন্দেহ কৰিছিল । ঘটনাস্থলীৰ পৰা চুইচাইড নোটো উদ্ধাৰ কৰা হৈছিল।

কিন্তু ঘটনাটোৰ তদন্ত কৰোঁতে আৰক্ষীয়ে জানিব পাৰিছিল যে কিছুদিন পূৰ্বে নৰেন্দ্ৰৰ তেওঁৰ এজন মুখ্য শিষ্য আনন্দ গিৰিৰ স’তে কাজিয়া হৈছিল। আনন্দক আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগ তুলি আখৰাৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

অনুসন্ধান কৰি থাকোতে, আৰক্ষীয়ে জানিব পাৰিছিল যে আনন্দই ঘটনাটোৰ পাছত নৰেন্দ্ৰৰ ওচৰত ক্ষমাও বিচাৰিছিল। কিন্তু তেতিয়াও তেওঁলোকৰ সম্পৰ্ক বেছি উন্নত নহ’ল।

সেই খঙতে আনন্দই আখৰা প্ৰধানক হত্যা কৰিব পাৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে । আনন্দৰ উপৰিও, গ্ৰেপ্তাৰ কৰা আন দুজন আছিল সন্দীপ তিৱাৰী আৰু আদিয়া তিৱাৰী। তেওঁলোকে আনন্দেৰ স’তেই আছিল।

প্ৰয়াগৰাজ আৰক্ষীৰ এজন বিষয়া কে পি সিঙে সংবাদ মাধ্যমক কয়, “নৰেন্দ্ৰৰ মৃতদেহৰ ওচৰত উদ্ধাৰ হোৱা চুইচাইড নোটত তেওঁ হতাশাৰ বিষয়ে লিখিছিল। মৃত্যুৰ পাছত কোনে আখৰাৰ দায়িত্ব ল’ব সেই বিষয়েও তেওঁ লিখিছিল।

বিষয়াজনে লগতে কয় যে যদিও প্ৰাথমিকতে এইটো আত্মহত্যা যেন লাগিলেও, ই হত্যাৰ ঘটনাও হ’ব পাৰে। আনন্দক আৰক্ষীয়ে জেৰা কৰি আছে। এইটো অনুসন্ধান কৰা হৈছে যে ঘটনাটোত আন কোনো জড়িত আছে নেকি।

Exit mobile version