অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী পদ্মকান্ত বৰাৰ ক’ভিডত মৃত্যু : মৰঙিত শোক

95b7e034 486e 4128 a16e bbf1a6a6e2cb 1

গোলাঘাট জিলাৰ মৰঙীৰ ধলাখাট গাঁৱৰ সৰবৰহী ব্যক্তি তথা অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পদ্মকান্ত বৰা( ৬৩ )ৰ আজি পুৱতী নিশা মৃত্যু হয় ৷

ক’ভিডত আক্ৰান্ত হোৱা ব্যক্তিজনক যোৱা ১৭ ছেপ্টেম্বৰত গোলাঘাটৰ ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰে যদিও স্বাস্থ্যৰ অধিক অবনতি ঘটাত ১৮ তাৰিখে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পতাললৈ প্ৰেৰণ কৰে ৷

কালি বৰাৰ স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটাত গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও গুৱাহাটীলৈ নি থকাৰ পথতে নুমলীগড়ত শেষ নিশ্বাস ত্যাগ কৰে ৷

বৰাৰ মৃত্যুত সমগ্ৰ মৰঙীতে শোকৰ ছাঁ পৰিছে ৷ তেওঁৰ মৃত্যুত অসম গ্ৰামীণ বিকাশ বেংক দৈগ্ৰোং শাখাৰ বিষয়া-কৰ্মচাৰী, দৈগ্ৰোং তৰুণ সংঘ, ব্যবসায়ী সন্থা, শাখা সাহিত্য সভা, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মৰঙী আঞ্চলিক সমিতি আদি দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যা তথা অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি যায় ৷

Exit mobile version