ছনী পিক্সার্ছৰ স’তে হাত মিলালে জি এণ্টাৰটেনমেণ্টে, মালিকিস্বত্ব লাভ কৰিছে ছনীয়ে

9290c189cb2b5731bf5973f212e4f58e w 520 h 292

ছনী পিক্সার্ছ নেটৱর্ক্স ইণ্ডিয়াৰ স’তে সংযুক্ত হ’ল জি এন্টাৰটেনমেন্ট এন্টাৰপ্রাইজেছ লিমিটেড । বুধবাৰ পুৱা জি-ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে । এই সংযুক্তিৰ পাছত নতুন সংস্থাত ছনীয়ে ১৫৭ কোটি ডলাৰ বিনিয়োগ কৰিব বুলি খবৰ পোৱা গৈছে । ফলত সংস্থাৰ ৫২.৯৩ শতাংশ শ্বেয়াৰ থাকিব তেওঁলোকৰ হাতত । আনহাতে, জি-ৰ হাতত থাকিব ৪৭.০৭ শতাংশ শ্বেয়াৰ । অর্থাৎ, সংস্থাৰ মালিকিস্বত্ব থাকিব ছনীৰ হাতত ।

জি এন্টাৰটেনমেন্ট এন্টাৰপ্রাইজেছ লিমিটেড-ৰ সন্মতিৰ পাছতেই এই সংযুক্তি হৈছে । নতুন সংস্থাৰ চিফ এগজিকিউটিভ বিষয়া আৰু মেনেজিং ডিৰেক্টৰ হ’ব পুনীত গোয়েংকা । জি-ৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হৈছে, ‘কেৱল আর্থিক নহয়, অন্য বহু পৰিকল্পনা কৰি দুটা সংস্থা একজোঁট হৈছে । সকলো বিষয়ত দুটা সংস্থা একমত হৈছে । সকলো দায়িত্বই নিজৰ মাজত ভাগ কৰি লোৱা হ’ব ।’

বিবৃতিত অৱশ্যে কোৱা হৈছে, জি এন্টাৰটেনমেন্ট ছনীৰ স’তে যুক্ত হ’লেও জি মিডিয়া জড়িত হোৱা নাই । অর্থাৎ, জি মিডিয়াই পৃথক সংস্থা হিচাপে কাম কৰিব ।

Exit mobile version