দিছপুৰ প্ৰেছ ক্লাৱৰ ২০২১ বৰ্ষৰ বঁটা ঘোষণা,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,বিশিষ্ট সাংবাদিক কনকসেন ডেকালৈ ‘জীৱনজোৰা সাধনা বঁটা ‘

বিভিন্ন শিতানত ১৯গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ'ব বঁটা

proofread any writting in spanish

ক’ভিড সৃষ্ট পৰিৱেশ-পৰিস্থিতিৰ বাবে স্থগিত ৰখা দিছপুৰ প্ৰেছ ক্লাবৰ বঁটা প্ৰদান অনুষ্ঠানটি অহা তিনি অক্টোবৰ , ২০২১ তাৰিখে অনুষ্ঠিত হ’ব৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ১৯ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বাবে নিৰ্বাচিত কৰি দিছপুৰ প্ৰেছ ক্লাবে ২০২১ বৰ্ষৰ বাবে ঘোষণা কৰা বঁটা সমূহ উক্ত দিনা প্ৰদান কৰা হ’ব ।

দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা, সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে এক প্ৰেছ বিবৃতি যোগে কয় যে অসমৰ সাহিত্য-সংস্কৃতি আৰু সাংবাদিকতাৰ জগতখনলৈ গোটেই জীৱন ধৰি আগবঢ়াই অহা উল্লেখনীয় অৱদানৰ বাবে বিশিষ্ট সাহিত্যিক – সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাক “জীৱনজোৰা সাধনা বঁটা ” ২০২১ ৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

একেদৰে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি সংবাদক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ধৈৰ্য হাজৰিকাক ‘সম্পাদক বঁটা-২০২১,’সাংবাদিকৰ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰি অহা তথা সাংবাদিক সংগঠনসমূহক ঐক্যৱদ্ধ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বাবে নিউজ লাইভ চেনেলৰ জ্যেষ্ঠ সাংবাদিক তথা জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰীক ‘সাংবাদিক সংগঠক, কল্যাণ বঁটা – ২০২১ৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে৷

একেদৰে টেলিভিছনৰ নিউজ এংকৰ আৰু প্ৰযোজিকা হিচাপে বিদ্যুতিন সংবাদ মাধ্যমলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা ডি ৱাই ৩৬৫ৰ মনিষা বৰুৱাক ‘নিউজ এংকৰ বঁটা-২০২১, ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক ৰেৱ কুমাৰ বৰালৈ “ফটো সাংবাদিকতা বঁটা ” ২০২১ ,সাংবাদিক আৰু সংবাদমাধ্যমৰ স’তে চৰকাৰৰ সম্পৰ্ক মধুৰ কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা , মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিভিন্ন বা-বাতৰি যোগান ধৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি অহা বাবে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা প্ৰাক্তন সাংবাদিক নৱজিৎ পাটগিৰীক “সংবাদ বান্ধৱ বঁটা ” ২০২১ , ‘ অসমীয়া বোলছবি , ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক “অভিনেত্ৰী বঁটা ” ২০২১ , জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক ” উদীয়মান কণ্ঠশিল্পী বঁটা ” ২০২১ , অসমীয়া বোলছবি, টিভি ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ” “অভিনেতা বঁটা ” ২০২১ , গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসক ডা: ৰক্তিম প্ৰতীম তামুলীক ‘জীৱন সঞ্জীৱনী বঁটা-২০২১ ’, যুৱ উদ্যোগী চিবচান্দ হাতিবৰুৱাক ” উদ্যোগী বঁটা ২০২১ , অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইক ” যুৱ ৰাজনীতিক বঁটা ” ২০২১ , সাহিত্য – সংস্কৃতি আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ উদ্যমী যুৱক ড° সঞ্জু বৰুৱাক “জাগ্ৰত যুৱক বঁটা ” ২০২১ , বিশিষ্ট সমাজসেৱক , পৰিবহন বিষয়া হিমাংশু দাসক “জনসেৱা বঁটা ‘ ২০২১ ,বিশিষ্ট লেখক অৱসৰপ্ৰাপ্ত বিষয়া নৱ ডেকা বৰাক “সমাজহৈতিষী বঁটা ” ২০২১ , জনগোষ্ঠীয় যুৱ নেতা গোকুল বৰ্মনক “যুৱ বন্ধু বঁটা ” ২০২১ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈক “সাহসী বঁটা ” ২০২১ , বিশিষ্ট সমাজসেৱক , মানৱ দৰদী ব্যক্তি কৃষ্ণ শৰ্মাক “মানৱ সেৱা বঁটা “২০২১ , সাংবাদিক – শিক্ষাবিদ তথা সমাজকৰ্মী লক্ষীপ্ৰসাদ ডেকাক ” যুৱ সমাজকৰ্মী বঁটাৰ বাবে নিৰ্বাচিত কৰিছে দিছপুৰ প্ৰেছ ক্লাবে ।

অহা তিনি অক্টোবৰ ২০২১ তাৰিখে লাষ্টগেটৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত নিৰ্বাচিত এইসকল বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানেৰে সন্মানিত কৰা হ’ব৷

Exit mobile version