বাৰে বাৰে মুণ্ডণ কৰিলে সচাকৈ চুলি বেছি আৰু ঘন হয় নেকি ?

21 104724 should you shave your head a celebrity hair stylist weighs in

আপোনাৰ শিশুটোৰ চুলি অতি পাতল ? মুণ্ডণ কৰিলেই চুলি ঘন হব! এনে কথা হয়তো আপুনি শুনিয়ে থাকে । বহুতৰে পিতৃ মাতৃয়ে ভাবে যে একাধিক বাৰ মুণ্ডণ নকৰিলে শিশুটিৰ ভাল চুলি নগজিব?কিন্তু এই কথাৰ কোনো বৈজ্ঞানিক বাখ্যা নাই। চুলিৰ যত্নক লৈ বহুতৰে প্ৰচলিত ধাৰণা আছে যিসমূহ সকলো সত্য নহয়।কিন্তু যুগ যুগ ধৰি এই ভুলসমূহ সকলোৱে কৰি আহিছে ।তাতে হয়তো চুলিৰ অধিক ক্ষতি হৈছে।সেইসমূহ কি চাওক

★ প্ৰতিদিনে তেল প্ৰয়োগ কৰিলে চুলি দ্ৰুতগতিত বৃদ্ধি হয়

ADVERTISEMENT

হয়তো বহুতো অভিভাৱকে আপোনাক এই কথা ইতিমধ্যে কৈছে। প্ৰতিদিনে মূৰত তেল লগালে আপোনাৰ চুলি সোনকালে বৃদ্ধি হ’ব। কিন্তু সত্যটো বিপৰীত। যদি মুৰৰ ছাল সকলো সময়তে তেলেতীয়া হয়, ই অধিক ধুলি সৃষ্টি কৰি চুলি সৰা বৃদ্ধি কৰিব। সপ্তাহত দুই ৰ পৰা তিনি দিন তেল মালিচ কৰাটো যথেষ্ট। ই মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰিব আৰু চুলিৰ স্বাস্থ্য উন্নত কৰিব। তেল প্ৰয়োগ কৰাৰ পাছত কিছু সময়ৰ পাছত ছেম্পু কৰাটো গুৰুত্বপূৰ্ণ।

 

★ মুণ্ডণ কৰিলে চুলি ডাঠ হয়

বহুলোকে শিশুসকলক একাধিকবাৰ মুণ্ডণ কৰি দিয়ে । কিন্তু মুণ্ডণ কৰিলেই যেন চুলি গজিব তেনে কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে। ফলিকলৰ পৰা চুলি গজে। ই মূৰৰ তালুৰ বহু মিলিমিটাৰৰ তলত থাকে । মূৰত চুলি কাটিলে কোনো ধৰণে ফলিকলত প্ৰভাৱ নহয়।

 

★ পকা চুলি তুলিলে অধিক হয়

চুলি পকা হোৱাৰ একাধিক কাৰণ থাকিব পাৰে। কিন্তু এডাল পকা চুলি টানিলে আৰু চুলি পকী যাব,এনেকুৱা কোনো প্ৰমাণ এতিয়াৰ পৰ্যন্ত পোৱা নাই ।আগতীয়া চুলি পকাৰ কাৰণ মূলত আনুবংশিক আৰু কিছুমান জীৱনশৈলীৰ ভুলৰ বাবে হয়।

 

★ নিয়মীয়া চুলি কাটিলে চুলি সোনকালে বৃদ্ধি হয়

নিয়মিত চুলি কটাৰ স’তে চুলি কিমান সোনকালে বৃদ্ধি বা কিমান ডাঠ হ’ব তাৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, প্ৰতি কেইমাহমানৰ মূৰে মূৰে চুলি কাটিবলৈ কোৱা হয় যাতে চুলি ফাটিলে বা তলত অত্যাধিক পাতল হ’লে চুলি কাটিব লাগে। ই চুলিৰ স্বাস্থ্য উন্নত কৰিব পাৰে, কিন্তু চুলিৰ বিকাশত ইয়াৰ কোনো পোনপটীয়া সংযোজন নাই।

Exit mobile version