বিশ্ব গঁড় দিৱসত গোসাঁইগাঁৱত ৫৭ চোৰাংচিকাৰীৰ আত্মসমৰ্পণ

হস্ত নিৰ্মিত ৩৪ টা বন্দুক জমা, হৰিণৰ সিং, হাতীৰ দাঁত জমা

গোসাঁইগাঁও মহকুমাৰ ৰাইমনা ৰেঞ্জৰ অধীনস্থ বিভিন্ন অঞ্চলৰ পৰা মুঠ ৫৭জন চোৰাংচিকাৰীয়ে আজি অনুষ্ঠানিকভাৱে অস্ত্ৰসহ আত্মসমৰ্পণ কৰে । তেওঁলোক ইমানদিনে এছিয়াৰ সৰ্ববৃহৎ ৰিপু সংৰক্ষিত বনাঞ্চলৰ কচুগাঁও বন সংমণ্ডলৰ ভাৰত-ভূটান সীমান্তৱৰ্তী বনাঞ্চলত চোৰাংচিকাৰী বৃত্তিৰ স’তে জড়িত হৈ আছিল । চোৰাংচিকাৰৰ স’তে জড়িত লোক সকলে আজি গোসাঁইগাঁৱৰ মথামবিল বজাৰৰ নিচেই কাষত অনুষ্ঠিত এখন অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অস্ত্ৰ সম্বৰণ কৰে ।

উক্ত অনুষ্ঠানত কচুগাঁও বন সংমণ্ডলৰ বন বিষয়া, বিটিচিৰ প্ৰধান প্ৰমোদ বড়ো, বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বন বিভাগৰ চি এইচ ডি অনুৰাগ সিং উপস্থিত থাকে । উক্ত আত্মসমৰ্পণ অনুষ্ঠানত গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা ৰিপু সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৫৭জন চোৰাংচিকাৰীৰ চিকাৰত ব্যৱহৃত ৩৪টা হস্ত নিৰ্মিত বন্দুক জমা কৰাৰ লগতে হাতীৰ দাঁত, হৰিণৰ সিং জমা কৰে ।

অস্ত্ৰ সম্বৰণ কৰা প্ৰতিজন চোৰাংচিকাৰীক ৫০ হেজাৰকৈ টকা প্ৰদান কৰে ।‌ বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি এই অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ আয়োজন কৰিছে ।

Exit mobile version